NORTHEAST NOW (Assamese)

শীতৰ আমেজ! ৰাতি লেপ-কম্বলেৰে মুখ ঢাকি একেবাৰে নুশুব; পৰিণতি জানিলে শংকিত হ’ব

December 28, 2024 8:29 am · এন ই নাও নিউজ, গুৱাহাটী

ডিচেম্বৰ আৰু জানুৱাৰী মাহত তীব্ৰ শীত পৰে। শীতকালৰ পৰা নিজকে ৰক্ষা পাবলৈ মানুহে গধুৰ লেপ বা কম্বল ব্যৱহাৰ কৰে। উলৰ কম্বল আৰু লেপ এনে সামগ্ৰীৰে তৈয়াৰ কৰা হয় যি শৰীৰৰ তাপমাত্ৰা বাহিৰলৈ ওলাই যাব নিদিয়ে। ইয়াৰ বাবে লেপ উৰি শৰীৰৰ উষ্ণতা বজাই ৰখা হয় আৰু ঠাণ্ডা নালাগে।

শীতকালত লেপ উৰিলে শৰীৰৰ বাবে ভাল যদিও গোটেই মুখখন ঢাকি শুই থাকিলে শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। কম্বল বা লেপ কিয় গোটেই মুখখন ঢাকি শুব নালাগে জানো আহক।

কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পায়

মুখখন লেপেৰে ঢাকিলে লেপৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায়। একে সময়তে অক্সিজেনৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ব্যক্তিজনৰ উশাহ-নিশাহ লোৱাত অসুবিধা হয় আৰু লগতে উশাহ-নিশাহৰ কষ্টও হ’ব পাৰে।

বাৰে বাৰে টোপনি ভাঙি যাব পাৰে

মুখৰ ওপৰত লেপ লৈ শুই থাকিলে ৰাতি মানুহৰ টোপনিত বাৰে বাৰে ব্যাঘাত জন্মাব পাৰে। সঠিকভাৱে উশাহ-নিশাহ নোলোৱাৰ ফলতে এনে হয়। একে সময়তে ব্যক্তিজনৰ হৃদস্পন্দনো বৃদ্ধি পায়। মুখখন লেপেৰে ঢাকি ল’লে নাকৰ ছিদ্ৰও বন্ধ হৈ যাব পাৰে। যাৰ ফলত ব্যক্তিজনে অস্বস্তি অনুভৱ কৰে।

শৰীৰে অধিক পৰিশ্ৰম কৰিব লগা হয়

অতিৰিক্ত কাৰ্বন ডাই অক্সাইড আৰু কম অক্সিজেনৰ কাৰণে উশাহ লওতে অধিক পৰিশ্ৰম কৰিব লগা হয়। একে সময়তে ব্যক্তিজনৰ শৰীৰত অক্সিজেনৰ পৰিমাণ কমি যায়। ইয়াৰ ফলত গোটেই শৰীৰত বেয়া প্ৰভাৱ পৰে।

ৰাতি এনেকৈয়ে ঠাণ্ডাৰ পৰা বাচি থাকক

ঠাণ্ডা বেছি হ’লে মুখখন ঢাকি শুই থকাৰ পৰিৱৰ্তে কিছুমান টিপছ মানি চলিব পাৰে। মূৰত ঠাণ্ডা নালাগিবৰ বাবে মূৰত উলৰ টুপী পিন্ধিব পাৰে। একে সময়তে আই মাস্ক ব্যৱহাৰ কৰিব পাৰে। এইটো কৰিলেও মুখখন ঢকা থাকিব আৰু ঠাণ্ডাও নালাগিব।

Related News