• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকাশ পালে ৰাজ্য চৰকাৰৰ বহু অপেক্ষিত এছ অ’ পি; কিমান শিথিল হ’ল, কিমান থাকিল প্ৰতিবন্ধকতা?

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
September 1, 2021 12:46 pm
Minister SOP Mahanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ উন্নতি হোৱা বুলি দাবী কৰি অহাৰ মাজতে আজি প্ৰকাশ পালে নতুন এছ অ’ পি। ক’ভিডৰ এই নতুন নীতি-নিৰ্দেশনাত কিমান শিথিলতা অনা হ’ল বা কিমান প্ৰতিবন্ধকতা ৰখা হ’ল তাৰ সৱিশেষ চাই লওক।

◆ ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্ৰতিবন্ধকতা আৰু সান্ধ্য আইনৰ ক্ষেত্ৰত আৰু অধিক শিথিলতা অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে।

◆ ক’ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) আজিৰ এই সাংবাদিক মেলৰ (১ চেপ্তেম্বৰ ২০২১ৰ আগবেলা ১১.০০ বজা) পৰাই কাৰ্যকৰী হ’ব।।

◆ ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা। নিশা ৯.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন।

◆ নিশা ৮.০০ বজালৈ খুলিব পাৰিব হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি।

এইপৰ্যন্ত এপালিও ক’ভিড প্ৰতিষেধক নোলোৱাকৈ থকা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে অহা তিনিদিনৰ ভিতৰত ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব।

◆ প্ৰত্যেক চৰকাৰী কাৰ্যালয়ৰ মূৰব্বী বিষয়াই নিজ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে নে নাই, সেয়া পৰীক্ষা কৰিব। এতিয়ালৈকে এপালিও প্ৰতিষেধক নোলোৱা বিষয়া-কৰ্মচাৰীসকলে আগন্তুক ৩ দিনৰ ভিতৰতে প্ৰথম পালি প্ৰতিষেধক লোৱাটোও মূৰব্বী বিষয়াই সুনিশ্চিত কৰিব।

◆ কেতবোৰ চৰ্তসাপেক্ষে ৰাজ্যৰ সকলো জিলা সামৰি আন্তঃ জিলা যাতায়ত মুকলি।

◆ আন্তঃ জিলা (Inter district) আৰু অন্তঃ জিলা (Intra district) যাতায়তৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাছ আদিত ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি। কিন্তু কোনো যাত্ৰী পৰিবাহী বাহনেই আসন সংখ্যাৰ অতিৰিক্তভাৱে থিয় কৰি যাত্ৰী (standing passenger) নিব নোৱাৰিব। যাত্ৰী থিয় কৰি (standing passenger) নিয়া বাহন ধৰা পৰিলে, তেনে বাহন আৰু থিয় হৈ যোৱা যাত্ৰীৰ ওপৰত বৰ্ধিত হাৰত জৰিমণা বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন বাতিল কৰা হ’ব।

◆ কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে আন্তঃ জিলা (Inter district) আৰু আন্তঃ জিলা (Intra district) যাতায়ত কৰিব পাৰিব। মাস্ক বাধ্যতামূলক।

◆ অটোৰিক্সা, চাইকেল ৰিক্সা, টেক্সীৰ ক্ষেত্ৰতো ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি। অৱশ্যে কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা আৰু মাস্ক পৰিধান কৰাটো যাত্ৰী-চালকৰ বাবে বাধ্যতামূলক।

◆ কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ ক্ষেত্ৰত বাইক-মটৰ চাইকেলত দুজন উঠাত অনুমতি। মাস্ক বাধ্যতামূলক।

◆ ব্যক্তিগত লঘু যান-বাহনেৰে যাত্ৰা কৰিলেও সকলো যাত্ৰীৰ বাবেই মাস্ক বাধ্যতামূলক। মাথো এজনে যাত্ৰা কৰিলেও পিন্ধিব লাগিব মাস্ক।

শিক্ষানুষ্ঠান :

◆ স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান পৰ্ব মুকলিত অনুমতি। অৱশ্যে একোটা শ্ৰেণীকক্ষত সৰ্বাধিক ৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে একেলগে পাঠগ্ৰহণ কৰিব পাৰিব। শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুসৰি প্ৰয়োজন হোৱাকৈ অতিৰিক্ত শ্ৰেণীকক্ষৰ ব্যৱস্থা কৰিব।

◆ স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কমেও এপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত ১৮ বছৰৰ অনুৰ্দ্ধ ছাত্ৰ-ছাত্ৰীসকলে ক’ভিড প্ৰতিষেধক অবিহনেই শ্ৰেণীকোঠাত পাঠগ্ৰহণ কৰিব পাৰিব যদিও ইতিমধ্যে ১৮ বছৰ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে ক’মেও এপালি প্ৰতিষেধক ল’ব লাগিব।

◆ মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে ভাগ ল’ব পাৰিব। এইক্ষেত্ৰত স্থানীয় আৰক্ষীক আগতীয়াকৈ অৱগত কৰিব লাগিব। অৱশ্যে জিলা উপায়ুক্তৰ অনুমতিপ্ৰাপ্ত সভা-সমিতি-অনুষ্ঠানৰ ক্ষেত্ৰত সৰ্বাধিক ২০০ গৰাকী লোকে (কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা)  অংশগ্ৰহণ কৰিব পাৰিব।

◆ প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আৱদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব।

◆ বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ৫০ গৰাকী লোকে। কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে পাৰিব ভাগ ল’ব পাৰিব।

◆ অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সৰ্বাধিক ৫০ গৰাকী লোকে।

◆ ৰাজ্যৰ বিখ্যাত ধৰ্মীয়স্থানসমূহ (কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদি)ত প্ৰতি ঘণ্টাত সৰ্বাধিক ৪০ গৰাকী লোকৰ দৰ্শনত অনুমতি। আন ধৰ্মীয়স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ২০গৰাকী লোকৰ বাবে অনুমতি। কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব ধৰ্মীয় স্থানৰ চৌহদত প্ৰৱেশৰ সুযোগ।

সাপ্তাহিক বজাৰসমূহ সৰ্বাধিক ৬ ঘণ্টীয়া শ্বিফ্টৰ ব্যৱধানেৰে মুকলিত অনুমতি।

স্থানীয় প্ৰশাসনে এইক্ষেত্ৰত সময়সূচী তথা আনুসংগিক নিয়মসমূহ নিৰ্ধাৰণ কৰিব।

◆ বিমান বন্দৰত দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা বিমানযাত্ৰীক ক’ভিড পৰীক্ষণৰ পৰা ৰেহাই। ক’ভিড প্ৰতিষেধক এপালিহে লোৱা বা এপালিও নোলোৱাকৈ থকা বিমানযাত্ৰীৰ বাবে ক’ভিড পৰীক্ষা বাধ্যতামূলক। দুপালি প্ৰতিষেধক নোলোৱা বিমানযাত্ৰীৰ বাবে বিমান বন্দৰত ২৫০ টকাৰ ৰেহাই মূল্যত আৰটি-পিচিআৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা বাধ্যতামূলক।

সান্ধ্য আইনৰ মাজতো নৈশ বাচৰ চলাচলত অনুমতি।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd