মহানগৰীত ক্ষুদ্ৰ ব্যৱসায়ীক গুলীয়ালে যুৱকে, এজনক গ্ৰেপ্তাৰ

Firing-1140x570

প্ৰতিনিধিত্বমূলক ফটো

বৃহস্পতিবাৰে নিশা মহানগৰীৰ সৰুমটৰীয়া অঞ্চলত যুৱকৰ গুলীত আহত হ’ল এজন ক্ষুদ্ৰ ব্যৱসায়ী।

দিচপুৰ ৰাজধানী চৌহদৰ নাতি দূৰৈৰ সৰুমটৰীয়াত দুৰ্বৃত্তৰ গুলীত আহত ক্ষুদ্ৰ ব্যৱসায়ীজন গণেশ পাঠক বুলি জানিব পৰা গৈছে।

এই গুলীয়াগুলিৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে নুপুৰ কাশ্যপ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

ব্যৱসায়ীজনক গুলীওৱাৰ ঘটনাত তিনিজন যুৱক জড়িত আছিল। ইয়াৰে দুজন ঘটনাৰ পাছতে ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।

আহত ব্যৱসায়ী পাঠকক ততাতয়াকৈ ঘটনাস্থলীৰ পৰা ওচৰতে থকা এখন হাস্পাতলত ভৰ্তি কৰা হয়।

জানিব পৰা মতে, ক্ষুদ্ৰ ব্যৱসায়ী গণেশ কুমাৰ পাঠকক কোনো বিষয়কলৈ হোৱা উত্তপ্ত বাক্ বিতণ্ডাৰ পাছতে যুৱকজনে গুলীয়াইছিল।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ঘটনাত ব্যৱহাৰ কৰা পিষ্টলটো জব্দ কৰিছে।