বিশ্বনাথৰ ৩৮ গৰাকী গাঁওবুঢ়াক স্মাৰ্টফোন প্ৰদান চৰকাৰৰ

গাঁও আৰু চৰকাৰৰ সংযোগ সেঁতু সদৃশ গাঁওবুঢ়া সকলক দ্ৰুত যোগাযোগৰ সুবিধাৰ্থে স্মাৰ্টফোন প্ৰদানৰ এক আনুষ্ঠানিক কাৰ্যসূচী আজি অনুষ্ঠিত হয় বিশ্বনাথ চাৰিআলিস্থিত বিশ্বনাথ জিলাৰ গাঁওঁ বুঢ়া সন্থাৰ কাৰ্যালয়ত।

অসম চৰকাৰৰ ৰাজহ বিভাগে আগবঢ়োৱা এই স্মাৰ্টফোন বিতৰণ কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।

বিশ্বনাথ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াৰ উপস্থিতিত, সদৌ অসম গাঁওবুঢ়া সন্থাৰ সাংগঠনিক সম্পাদক পংকু বৰা, সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি ৰামনাথ টেৰনকে প্ৰমুখ্যে সকলো বিষয়-ববীয়াৰ উপস্থিতিত বিশ্বনাথ সমষ্টিৰ অন্তগৰ্ত ৩৮ খন গাঁৱৰ গাঁওবুঢ়াক   স্মাৰ্টফোন প্ৰদান কৰে।

অত্যাধুনিক আৰু দ্ৰূত যোগাযোগৰ সময়ৰ লগত সমানে খোজ মিলাই আগুৱাই যোৱাৰ বাবে গাঁওবুঢ়া সকলক প্ৰদান কৰা এই স্মাৰ্ট ফোনৰ সদ্ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে গাঁওবুঢ়া সকলৰ অন্যান্য সমস্যা আৰু সা-সুবিধা সমুহ প্ৰদান কৰিবলৈও চৰকাৰৰ ফালৰ পৰা প্ৰচেষ্টা হাতত লোৱা হ’ব বুলি বিধায়কে কয়।

পৰিৱৰ্তী সময়ত বিশ্বনাথ জিলাৰ অনান্য অঞ্চলসমূহৰ গাঁওবুঢ়া সকলৰ মাজতো মোবাইল ফোন সমূহ বিতৰণ কৰা হব।

স্মৰ্তব্য যে বিশ্বনাথ জিলাত মুঠ ২১৭ গৰাকী গাঁওবুঢ়া আছে আৰু চৰকাৰী এই আঁচনিৰ দ্বাৰা সকলো গাঁওবুঢ়াকে পৰ্য্যায়ক্ৰমে সামৰি লোৱা হ’ব বুলি জানিব পৰা গৈছে।

ইয়াৰ লগতে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে সদৌ অসম গাঁও বুঢ়া সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ কাৰ্যালয়ৰ আন্ত:গাথনি নিৰ্মাণৰ বাবে বিধায়ক পুঁজিৰ তৰফৰ পৰা ২ লাখ টকা আগবঢ়োৱা হ’ব বুলি প্ৰকাশ কৰে