অভিলেখ! দিবা-নৈশ টেষ্টত শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা ক্ৰিকেটাৰত পৰিণত মান্ধানা

Smriti Mandhana becomes first Indian woman to score ton in D/N Test

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অপেনাৰ স্মৃতি মান্ধানাই শুকুৰবাৰে দিবা-নৈশ টেষ্টত শতক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।

মান্ধানাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আজি পিংক বল টেষ্টত ১২৭ ৰাণৰ ইনিংছ খেলি আন এক অভিলেখো স্থাপন কৰে ।অষ্ট্ৰেলিয়াৰ মাটিত এগৰাকী ভাৰতীয় মহিলাৰ টেষ্টত এইটো প্ৰথম শতক।

বৰষুণৰ বাবে কালি সোনকালে খেল সামৰিবলগীয়া হোৱাত ৮০ ৰানত নট আউট হৈ থকা মান্ধানাই কুইন্সলেণ্ডৰ কাৰাৰাত দ্বিতীয় দিনা শতক অৰ্জনৰ পথত উপনীত হ’বলৈ নিজৰ মনোবল বজাই ৰাখিছিল। ১৭১ টা বলত তেওঁ তিনিটা অংকৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হয়।

মান্ধানাই কাৰাৰা ওভেলত ২২ টা বাউণ্ডেৰী আৰু এটা ছয়ৰ সহায়ত ২১৬ টা বলত ১২৭ ৰান সংগ্ৰহ কৰি আউট হয় আৰু দলক এক শক্তিশালী স্থিতিত উপনীত কৰায়।

দ্বিতীয় উইকেটৰ যুটিত পুনম ৰাউতৰ (৩৬) সৈতে ১০২ ৰাণ যোগ দিয়ে মান্ধানাই।উল্লেখ্য যে এইয়া অষ্ট্ৰেলিয়াৰ মাটিত কোনো উইকেটত ভাৰতীয় মহিলা ক্ৰিকেটত সৰ্বাধিক ৰানৰ অভিলেখ।

আজি দ্বিতীয় দিনাও ভাৰত-অষ্ট্ৰেলিয়াৰ খেলখনত বৰষুণে বিধি-পথালি দিছে। বৰষুণৰ বাবে খেল বন্ধ ৰখাৰ সময়লৈকে ভাৰতে ৫ উইকেটৰ বিনিময়ত ২৭৬ ৰান সংগ্ৰহ কৰিছে।

দিপ্তী শৰ্মাই ১২ ৰান আৰু তানিয়া ভাটিয়াই কোনো ৰান সংগ্ৰহ নকৰাকৈ অপৰাজিত আছে।