গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

ফটো : নৰ্থ-ইষ্ট নাও

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৃষক নেতা তথা নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুক্তিৰ দাবীত আজি ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্রবেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ মুক্তিৰ সদস্যসকলে বিগত এবছৰো অধিক কাল ধৰি জেইলত বন্দী হৈ থকা অখিল গগৈৰ মুক্তিৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰো দাবী জনায়।

অনশন কাৰ্যসূচীত অংশ লোৱা ছাত্ৰ মুক্তিৰ এজন সদস্যই সংবাদ মাধ্যমৰ আগত কয় যে গণতন্ত্ৰ দিৱসৰ দিনটোতে আমি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া বিষয়টো অত্যন্ত লজ্জাজনক। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে ভাৰতক এখন ফেচিষ্ট ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে।

অন্য এজন প্ৰতিবাদকাৰীয়ে কয় যে দেশক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিব লাগিব আৰু এয়া আমাৰ সকলোৰে দায়িত্ব।

প্ৰতিবাদকাৰী সদস্যসকলে লগতে চৰকাৰক দাবী জনাই কয় যে কা আমি কেতিয়াও নামানো আৰু এই ক’লা আইনখন বাতিল কৰাৰ সমান্তৰালকৈ অখিল গগৈৰ মুক্তি বিচাৰিছো।