NORTHEAST NOW (Assamese)

ভাৰত-বাংলা সীমান্তত ১২ লাখ টকাৰ চোৰাং কাপোৰ জব্দ

December 2, 2021 3:39 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 2, 2021 3:53 pm

দক্ষিণ গাৰো পাহাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰে বাংলাদেশলৈ বস্ত্ৰ সামগ্ৰীৰ চোৰাং বেহা অব্যাহত আছে। আজি বি এছ এফৰ এক অভিযানত ১২ লক্ষাধিক টকাৰ চোৰাং কাপোৰ জব্দ কৰা হয়।

এই বৃহৎ পৰিমাণৰ বস্ত্ৰ সামগ্ৰী সমূহ চোৰাং বেপাৰীয়ে ভাৰতৰ পৰা বাংলাদেশলৈ চালান দিবলৈ লোৱা অৱস্থাত জব্দ কৰে বি এছ এফে।

55 বি এন বি এছ এফৰ পহৰাৰত জোৱানে জব্দ কৰা কাপোৰৰ সামগ্ৰী খিনিৰ মূল্য ১২লাখ ৯৫০ টকা বুলি জানিব পৰা গৈছে।

যোৱাকালি জব্দ কৰা কাপোৰৰ সামগ্ৰী সমুহ বি এছ এফে বাঘমাৰা আৰক্ষী থানাত হস্তান্তৰ কৰে।

বাঘাপাৰা থানাৰ আৰক্ষীয়ে ঘটনা সন্ধৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Related News