চামগুৰিত চোৰাং বিলাতী সুৰা ভৰ্তি ট্ৰাক জব্দ; দুজন যুৱক আটক

নগাঁও জিলাৰ চামগুৰিত বুধবাৰে নিশা আৰক্ষীৰ এক অভিযানত বিলাতী সুৰা ভৰ্তি এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে নিশা চামগুৰি আৰক্ষীৰ এটা তহলদাৰী দলে গোপন সূত্ৰৰ পম খেদি চামগুৰি আৰক্ষী থানাৰ সন্মুখতে এক অভিযান চলাই কলিয়াবৰৰ পৰা নগাঁও অভিমুখে গৈ থকা এ এছ ০১-বি চি-৮২১৫ নম্বৰৰ ট্ৰাকখন জব্দ কৰে।

চালান বিহীনভাৱে বৃহৎ পৰিমাণৰ বিলাতী সুৰা বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰাৰ চেষ্টা চলোৱাৰ সন্দেহত আৰক্ষীয়ে জব্দ কৰে বাহনখন।

আৰক্ষীৰ আটক কৰা ব্যক্তি দুজন

আনহাতে বাহনখন জব্দ কৰাৰ কিছু সময়ৰ পাছতেই আৰক্ষীয়ে কোনো খবৰ প্ৰদান নকৰা সত্ত্বেও আবকাৰী বিভাগৰ এটা দল চামগুৰি আৰক্ষী থানাত উপস্থিত হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

বিভিন্ন স্থানত অবৈধ মদৰ ব্যৱসায় চলি থকাৰ একাধিক অভিযোগ উত্থাপন হৈ থকাৰ পাছতো তাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া আবকাৰী বিভাগে বাহনখন জব্দ কৰাৰ পিছ মূহুৰ্ততে কিদৰে আৰক্ষী থানাখনত উপস্থিত হ’ল সেয়াও অতি ৰহস্যৰ বিষয়।

চামগুৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ক্ৰমে মণিপুৰৰ জেনী কামেই আৰু ত্ৰিপুৰাৰ ৰাম কুমাৰ সিং নামৰ দুজন যুৱকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।