NORTHEAST NOW (Assamese)

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

May 23, 2022 6:29 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: May 23, 2022 7:02 pm

সোণাপুৰৰ উদ্যোগী,সমাজকৰ্মী জৰ্জ বৰদলৈয়ে আত্মহননৰ পথ বাচি লোৱাৰ কথাই এতিয়া বৰদলৈৰ ঘনিষ্ঠসকলৰ লগতে সমগ্ৰ সোণাপুৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে।

বৰদলৈয়ে সোণাপুৰত থকা তেওঁৰ ৰিজৰ্টৰ এপোজা গছত চিপলৈ আত্মহত্যা কৰে।

সমাজকৰ্মীগৰাকীয়ে কি কাৰণত আত্মহত্যাৰ দৰে পথ বাচি ল’লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

সোণাপুৰৰ হাতীমূৰাত বৰদলৈয়ে আত্মহনন কৰাৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধই তেওঁৰ বাসভৱনত ভিৰ কৰে।

উল্লেখ্য বৰদলৈয়ে বিজেপিত যোগদান কৰি নানান সমাজ হিতকৰ কামত জৰিত হৈ আছিল।

বিজেপিত যোগদানৰ পূৰ্বে কংগ্ৰেছৰ হৈয়ো তেওঁ নানান উন্নয়নমূলক কাম কৰিছিল।

১৯৮০ৰ দশকতে বৰদলৈয়ে সোণাপুৰত ধাবা উদ্যোগৰ আৰম্ভনি কৰিছিল।

পাতৰকুছিত তেওঁ প্ৰথম ধাবা খুলি এই উদ্যোগলৈ অন্যান্য যুৱক-যুৱতীসকলক আকৰ্ষিত কৰিছিল।

বৰদলৈ জৰ্জেছ ৰিট্ৰিটমেন্ট নামৰ অনুষ্ঠানটোৰো মুৰব্বী আছিল ।

আজি তেওঁৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ আনি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়।

ইয়াৰ পিছতে অলেখ গুণমুগ্ধৰ উপস্থিতিত নৱগ্ৰহ শ্মশানত বৰদলৈৰ নশ্বৰ দেহ সৎকাৰ কৰা হয়।

 

Related News