NORTHEAST NOW (Assamese)

লিডুৰ বিশিষ্ট শিক্ষাবিদ পংকজ কুমাৰ দে পৰলোকগামী

March 25, 2019 8:29 pm ·
পৰলোকগামী পংকজ কুমাৰ দেৰ আলোকচিত্ৰ

তিনিচুকীয়া জিলাৰ লিডু অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ পংকজ কুমাৰ দে(৭৯)ৰ দেওবাৰে সন্ধিয়া প্ৰায় ৫ বজাত নিজা বাসভৱনত দেহাৱসান ঘটে ৷ দীৰ্ঘদিনধৰি বাধৰ্ক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল দে ৷ মৃত্যুৰ সময়ত শিক্ষাবিদ গৰাকীয়ে তিনিজন সন্তানসহ বহু আত্মীয় স্বজনক এৰি থৈ যায় ৷

তিনিচুকীয়া জিলাৰ মাকুমত আৰু পৰৱৰ্তী সময়ত লিডু বজাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা কৃতি শিক্ষকগৰাকী লিডু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপেও বহু বছৰ কাৰ্যনিৰ্বাহ কৰিছিল ৷

লিভুৰ বিভিন্ন সামাজিক আৰু শৈক্ষিক অনুষ্ঠানৰ লগত জড়িত হৈ থাকি এখন সুস্থ সমাজ আৰু শৈক্ষিক পৰিবেশ গঢ়াৰ বাবে সুদীৰ্ঘ সময় অৱদান আগবঢ়াই অহা বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যু সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি মত প্ৰকাশ কৰিছে লিডু শাখা সাহিত্য সভাৰ সভাপতি চন্দ্ৰ গৌতমে ৷

বিশিষ্ট শিক্ষাকৰ্মীগৰাকীৰ মৃত্যুত জ্যোতি চিত্ৰবনৰ সঞ্চালক পবিত্ৰ মাৰ্ঘেৰিটা, মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা, লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কৃপা প্ৰসাদ উপাধ্যায়, শিক্ষাবিদ সোমেশ্বৰ নেওগ, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰ, যুটীয়া সম্পাদক তপন দে আৰু প্ৰশান্ত চেতিয়া, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বিপুল ৰয়, কংগ্ৰেছ নেতা প্ৰৱীন ৰাজখোৱা, হৰিনন্দ গড়, সাংবাদিক মানসপ্ৰতীম গগৈ আদিৰ লগতে বিভিন্ন দল সংগঠন ব্যক্তিয়ে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

 

Related News