NORTHEAST NOW (Assamese)

পুনৰ মিত্ৰতাই ‘থ্ৰী ইডিয়টছ’ত পৰিণত কৰিলে অগপৰ তিনি নেতাক!

March 15, 2019 7:55 pm · এন ই নাও নিউজ
Updated: March 15, 2019 7:58 pm
ব্যংগাত্মক শিৰোনামৰ সৈতে ছ'চিয়েল মিডিয়াত ঘূৰি ফুৰা এখন ফটো।

ৰাতিটোৰ ভিতৰতে মোট সলাই বিজেপিৰ শিবিৰৰ সৈতে পুনৰ মিতিৰালি কৰা অগপ দলটোৰ তিনিজন নেতা ক্ৰমে সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী অসমৰ ৰাইজৰ দৃষ্টিত থ্ৰী ইডিয়টছ (3-idiots)লৈ পৰ্য্যৱসিত হ’ল নেকি?

বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰা বাবে ব্যাপক সমালোচনাৰ সন্মুখীন হোৱা অগপৰ নেতাকেইজনক আমিৰ খানৰ বিখ্যাত চিনেমা ‘থ্ৰী ইডিয়টছ’ৰ চৰিত্ৰকেইটাৰ সৈতে ৰিজনি কৰা দেখা গৈছে ছ’চিয়েল মিডিয়াৰ য়ুজাৰসকলক। আৰ এছ এছৰ খাকী হাফপেণ্ট আৰু বগা চাৰ্টৰ য়ুনিফ’ৰ্মত তিনিওজনকে একেলগে বিখ্যাত চিনেমাখনৰ শিৰোনামৰ সৈতে তুলি ধৰা ছবি আৰু মন্তব্যৰ সৈতে ফেইচবুক, হোৱাটছ এপত বাগৰি ফুৰা দেখা গৈছে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰা আঞ্চলিক দলটোৱে যোৱা ১২ মাৰ্চত পুনৰ মিত্ৰতা কৰে হিন্দু বাংলাদেশীৰ সংস্থাপনৰ চেষ্টা কৰি থকা ৰাষ্ট্ৰীয় দলটোৰ সৈতে।

দলটোৰ এই মিত্ৰতাৰ সিদ্ধান্ত সামূহিক সিদ্ধান্তৰ পৰিৱৰ্তে, শীৰ্ষ তিনি-চাৰিজন নেতাৰহে বুলি প্ৰাক্তন মুখ্য মন্ত্ৰী তথা দলটোৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল কুমাৰ মহন্তই ইতিমধ্যে অভিযোগ আনিছে।

মহন্তৰ অভিযোগৰ আঙুলি যে ঘাইকৈ এই তিনিওজন নেতালৈকে, সেয়া কাৰো বুজিবলৈ বাকী নাই।

মন কৰিব লগীয়া যে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী, দলটোৰ এই তিনিজন মিত্ৰতাৰ সূত্ৰে বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনত মন্ত্ৰী হৈ আছিল। মিত্ৰতা ত্যাগ কৰাৰ পিছতে তেওঁলোকে মন্ত্ৰী হিচাপে পদত্যাগ পত্ৰ দিছিল যদিও যোৱা ১২ মাৰ্চত মিত্ৰতালৈ পুনৰ ঘূৰি অহাৰ পিছতে পুনৰ মন্ত্ৰী পদো ঘূৰাই লয় আটাইকেইজনে।

এনে ওলোটা খৰ মৰা বাবে তিনিওজনে দৰাচলতে মন্ত্ৰিত্ব আৰু অন্যান্য সা-সুবিধাৰ লালসাতে দলৰ পূৰ্বৰ স্থিতিক ভৰিৰে মোহাৰি মিত্ৰতা কৰা বুলি অভিযোগ উঠিছে। আনহাতে ৪০ কোটি টকাত আঞ্চলিকতাবাদ তথা জাতীয়তাবাদ বিক্ৰী কৰা বুলিও অসমৰ সাধাৰণ নাগৰিকে অভিযোগ আনিছে দলটোৰ নেতাকেইজনৰ বিৰুদ্ধে।

 

Related News