অকৰ্মণ্য চৰকাৰ; সামাজিক অনুস্থানে মেৰামতি কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ

VideoCapture_20200123-190119

ফটো : নৰ্থ-ইষ্ট নাও

বিতৰ্কিত সংশোধনী নাগৰিকত্ব আইনৰ সপক্ষে শান্তি সমদল কৰি ৰাজহুৱা ধন অপচয় কৰি থকা বিজেপি চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাইছে নগাঁৱৰ পুৰণিগুদামৰ এটা সামাজিক অনুষ্ঠানে।

‘জালজৰি সন্মিলিত যুৱ মঞ্চ’ নামৰ সামাজিক অনুষ্ঠানটোৱে সম্পূৰ্ণ নিজা পুঁজিৰে পুৰণিগুদামৰ গড়মুৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰি ৰাইজৰ দৃষ্টি কাঢ়িছে।

সংগঠনটোৱে কেইবা গাড়ীও শিল আৰু চেণ্ড গ্ৰেভেল পেলাই অনুষ্ঠানটিৰ সদস্য সকলে নিজাববীয়াকৈ শ্ৰম দান কৰি যাতায়াতৰ বাবে উপযোগী কৰি তোলে প্ৰায় ৫০০ মিটাৰ পথ।

মেৰামতিৰ কাম সমাপ্ত হোৱাৰ পিছতেই অনুষ্ঠানটোৰ কেইবাগৰাকী সদস্যই চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ঠিকা লাভ কৰা টি.কে. কোম্পানীয়ে কৰা অতিশয় নিম্ন মানদণ্ডৰ কামৰো তীৰ্য্যক সমালোচনা কৰা দেখা যায়।

ইফালে ঘাইপথ চোৱা মেৰামতিৰ ক্ষেত্ৰত তদাৰকীৰ দ্বায়িত্বত থকা অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ লগতে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দেখুওৱা চৰম অনিহাৰ অভিযোগ উত্থাপন কৰি অসন্তুষ্টি প্ৰকাশ কৰা দেখা যায় ভুক্তভোগি অঞ্চলবাসীক।

জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰে নিতৌ বহু মন্ত্ৰী-বিধায়ক পাৰ হৈ যায় যদিও কোনো এজন প্ৰতিনিধিয়ে ৰাইজৰ অসুবিধাৰ কথা চিন্তা নকৰাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় একাংশই।

অৱশ্যে চৰকাৰী সংশ্লিষ্ট বিভাগক শীঘ্ৰে জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাই পথ চোৱা মেৰামতি কৰি যাত্ৰী তথা পথচাৰী সকলক সুৰক্ষিত কৰিবলৈ পুনৰবাৰ দাবী উত্থাপন কৰে জালজৰি সন্মিলিত যুৱ মঞ্চৰ লগতে পুৰণিগুদামৰ বৃহত্তৰ অঞ্চলৰ ভুক্তভোগি স্থানীয় ৰাইজে।