সমাজসেৱী আৰু অংগদাতা অঞ্জন লাল চৌধুৰীৰ ১৯ জুন ২০২৫ তাৰিখে বেলতলাৰ ভৱেন্দ্র আলয়ত কৰ্মৰত অৱস্থাত দেহাৱসান ঘটে। ১৯৪৩ চনৰ ২৬ জুলাইত বৰপেটাত জন্মগ্রহণ কৰা অঞ্জন লাল চৌধুৰী অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি প্রসন্ন লাল চৌধুৰী আৰু পুণ্যপ্রভা চৌধুৰীৰ পুত্র আছিল। আৰ্য বিদ্যাপীঠ কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰা চৌধুৰীয়ে তেওঁৰ বৈচিত্র্যময় কর্মজীৱন আৰু সামাজিক অৱদানৰ জৰিয়তে সমাজত এক অনন্য ছাপ এৰি গৈছে।
অঞ্জন লাল চৌধুৰীয়ে হাজো হায়াৰ ছেকেণ্ডাৰীত শিক্ষকতাৰে কর্মজীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত টোকলাই চাহ গৱেষণা কেন্দ্রত প্রশিক্ষণ লৈ চাহ বাগানত চাকৰি কৰি পৰিচালক আৰু প্রশাসনিক বিষয়া হিচাপে দায়িত্ব পালন কৰে। তেওঁ শিৱসাগৰৰ বৰুৱানগ টি কোম্পানীৰ কেন্দ্রীয় কাৰ্যালয়ত দীর্ঘদিন কৰ্মৰত হৈ অৱসৰ গ্রহণ কৰে। অৱসৰৰ পিছতো তেওঁ গুৱাহাটীৰ লুনাৰ ডায়েগন’ষ্টিক চেণ্টাৰ আৰু পাছত বেলতলাৰ ভৱেন্দ্র আলয়ত সেৱা আগবঢ়াইছিল।
তেওঁ বিখ্যাত চেতাৰ বাদক সুন্দৰ বৰদলৈৰ শিষ্য আছিল। তেওঁ সংগীত আৰু সাহিত্য সাধনাৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ সমৃদ্ধিৰ বাবে কাম কৰিছিল। মানৱজাতিৰ কল্যাণৰ বাবে অঞ্জন লাল চৌধুৰীয়ে অংগদানৰ দৰে মহৎ কৰ্মৰ জৰিয়তে এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে। তেওঁৰ পত্নী মাধুৰী কলিতা চৌধুৰী, একমাত্র কন্যা অংগনা চৌধুৰী, নাতি অগ্নিভ, জোৱাঁই দীপংকৰ গোস্বামী আৰু পৰিয়ালৰ লগতে অজস্র শুভাকাংক্ষীক এৰি তেওঁ ইহসংসাৰ ত্যাগ কৰিছে।