NORTHEAST NOW (Assamese)

গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া এইকেইটা পৰামৰ্শ মনত ৰাখিলে বিপদত নপৰে আপুনি

July 12, 2023 7:09 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 11, 2023 8:12 pm

আমাৰ সকলো সমস্যাৰ উত্তৰ থকা এখন মহাকাব্য হৈছে ভাগৱত গীতা। মহাত্মা গান্ধীয়ে গীতাক আধ্যাত্মিক অভিধান বুলি গণ্য কৰিছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া উপদেশবোৰেই গীতাত উল্লেখ আছে। আহকচোন আ্জি জানি লওঁ কৃষ্ণই গীতাত কোৱা কেইটামান উপদেশৰ বিষয়ে –

১/ যি হ’ল, ভালৰ বাবেই হ’ল। যি হৈ আছে, ভালৰ বাবেই হৈ আছে। যি হ’ব, ভালৰ বাবেও হ’ব।

২/ আপোনাৰ কাম কৰাৰ অধিকাৰ আছে, কিন্তু কামৰ ফল লাভৰ অধিকাৰী আপুনি কেতিয়াও নহয়।

৩/ পৰিৱৰ্তন হৈছে বিশ্বব্ৰহ্মাণ্ডৰ নিয়ম। আপুনি কোটিপতি হ’ব পাৰে, বা নিমিষতে দৰিদ্ৰ হ’ব পাৰে।

৪) আত্মাৰ জন্ম নহয়, আৰু মৃত্যুও নহয়।

৫/ খালী হাত আহিলা, খালী হাতে গুচি যাবা।

৬) কামনা, ক্ৰোধ আৰু লোভ হৈছে আত্মধ্বংসী নৰকৰ তিনি দুৱাৰ।

৭) মানুহ তেওঁৰ বিশ্বাসৰ দ্বাৰা সৃষ্টি হয়। তেওঁ যেনেকৈ বিশ্বাস কৰে, তেনেকৈয়ে তেওঁ।

৮) ধ্যান আয়ত্ত কৰিলে বতাহবিহীন স্থানত দীপৰ শিখাৰ দৰে মন অদম্য হৈ পৰে।

Related News