আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বিমান এয়াৰ ফৰ্চ ৱানত চুৰি হৈছে। সংবাদ মাধ্যমৰ কৰ্মীৰ বাবে বিমানখনৰ নিৰ্ধাৰিত এলেকাত থকা দামী স্মাৰক নোহোৱা হৈছে। স্বাভাৱিকতে ৰাষ্ট্ৰপতিৰ সৈতে এয়াৰ ফৰ্চ ৱানত যাত্ৰা কৰা সাংবাদিকসকলৰ ওপৰতে অভিযোগৰ আঙুলি উঠিছে। ইয়াৰ বাবে তেওঁলোকক সকীয়াই দিয়া হৈছে।
যোৱা ফেব্ৰুৱাৰী মাহত এই ঘটনা দৃষ্টিগোচৰ হৈছিল। ৰাষ্ট্ৰপতি জো বাইডেনৰ আমেৰিকাৰ পশ্চিম উপকূল ভ্ৰমণৰ পিছত। ভ্ৰমণৰ শেষত এয়াৰ ফৰ্চ ৱানৰ সামগ্ৰী পৰীক্ষা কৰোতে দেখা গ’ল যে সংবাদ মাধ্যমৰ কৰ্মীৰ বাবে নিৰ্ধাৰিত স্থানত থকা কিছু স্মাৰক নাই।
চুৰিৰ তালিকাত কি নাই! দামী ব্ৰেণ্ডৰ গাৰুৰ কভাৰ, গিলাচৰ পৰা আৰম্ভ কৰি সোণৰ প্ৰলেপেৰে খচিত প্লেটলৈকে নাইকিয়া হৈ গৈছে।
লগতে পঢ়কঃ April Fool! কিয় ১ এপ্ৰিলক ‘মূৰ্খৰ দিৱস’ হিচাপে পালন কৰা হয়? চাও আহক ইয়াৰ ইতিহাস আৰু গুৰুত্ব
এই ঘটনাত হোয়াইট হাউছ কৰাছপণ্ডেণ্টছ এছ’চিয়েশ্যনে সাংবাদিকক সকীয়াই দিছে যে এয়াৰ ফৰ্চ ৱানৰ পৰা কোনো বস্তু লৈ যোৱাটো নিষিদ্ধ।
যোৱা মাহত সংস্থাটোৱে হোয়াইট হাউছৰ সকলো সাংবাদিকলৈ ই-মেইল প্ৰেৰণ কৰিছিল। ইয়াত কোৱা হৈছে যে এনে আচৰণে ৰাষ্ট্ৰপতিৰ সৈতে ভ্ৰমণ কৰা সাংবাদিকসকলৰ সন্দৰ্ভত অতি নিকৃষ্ট মনোভাৱৰ প্ৰকাশ পাইছে। এনে আচৰণ নিশ্চয় পৰিহাৰ কৰিব লাগিব।
এয়াৰ ফৰ্চ ৱানত সাংবাদিকক কেতিয়াবা চকলেটৰ বাকচ স্মাৰক হিচাপে দিয়া হয়। ইয়াত ৰাষ্ট্ৰপতিৰ মোহৰ লগোৱা আছে। আমেৰিকাৰ প্ৰশাসনে কয় যে এয়াৰ ফৰ্চ ৱানৰ ল’গ’ থকা স্মাৰক (বাচন, টাৱেল আদি) নোহোৱা হোৱাৰ ঘটনা এতিয়াও সঘনাই সংঘটিত হৈ আছে।
লগতে পঢ়কঃ ধুমুহা-বৰষুণত ভাঙি পৰিল গুৱাহাটী বিমানবন্দৰৰ চিলিং; বিপৰ্যয়ক লৈ আদানী গোষ্ঠীক কটাক্ষ কংগ্ৰেছৰ
ভইচ অৱ আমেৰিকাৰ হোৱাইট হাউছৰ সংবাদদাতা মিছা কোমাড’স্কিয়ে কয় যে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ চৰকাৰী বিমানৰ পৰা স্মাৰকৰ এটা “সৰু” সংগ্ৰহ গঢ়ি তুলিছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰপতি বাইডেনৰ স্বাক্ষৰ আৰু ছীল থকা চকলেটৰ বাকচ এটাও আছে।
এই সন্দৰ্ভত বিবিচিৰ আগত সাংবাদিকগৰাকীয়ে কয়, “মই কাকো লজ্জিত কৰা নাই। এই সংগ্ৰহৰ বাবে মই একো অন্যায়ো কৰা নাই।” এদিনৰ ঘটনা এটা মনত পেলাই কোমাড’স্কিয়ে কয়, ‘এয়াৰ ফৰ্চ ৱানৰ ল’গ’ থকা কাগজৰ কাপ এটা মোৰ হাতত থাকি গৈছিল। মই সেইটো পেলাবলৈ পাহৰি গৈছিলোঁ।’
এয়াৰ ফৰ্চ ৱানক আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিমান যাত্ৰাৰ সময়ত কাৰ্যালয় বুলি গণ্য কৰা হয়। বিমানখনৰ নিৰাপত্তা ব্যৱস্থা ত্ৰুটিহীন। এই বিমানখনৰ তিনিটা স্তৰত মুঠ ৪ হাজাৰ বৰ্গফুট স্থান আছে।
লগতে পঢ়কঃ মেচ ফিক্সিং হ’ব, নিৰ্বাচনৰ বাবে আম্পায়াৰ ঠিক কৰি ৰাখিছে মোদীয়ে! আক্ৰমণ ৰাহুলৰ
ৰাষ্ট্ৰপতিৰ চৰকাৰী এই বিমানে আকাশৰ মাজত ইন্ধন ভৰাব পাৰে। ফলত এয়াৰ ফৰ্চ ৱানৰ জৰুৰীকালীন অৱস্থাত সীমাহীন দূৰত্ব অতিক্ৰম কৰাৰ ক্ষমতা আছে। ইয়াৰ উপৰিও ই বিমান আক্ৰমণ প্ৰতিহত কৰিবলৈও সক্ষম।