উত্তৰ ভাৰত অভিমূখী কেইখনমান ৰে’লৰ সেৱা বাতিল; কেইখনমানৰ অস্থায়ী ষ্টপেজত অনুমোদন

উত্তৰ ভাৰতীয় বলয়ৰ অনেক অঞ্চলত নিৰন্তৰ প্ৰতিকূল বতৰ আৰু ধাৰাসাৰ বৰষুণৰ ফলত, বিশেষকৈ হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ আৰু হাৰিয়ানাত স্বাভাৱিক ৰে’ল সেৱা প্ৰভাৱিত হৈছে। সেই অনুসৰি ৰে’ল যাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ কথা বিবেচনা কৰি উত্তৰ পুব সীমান্ত ৰে’লৱেই উত্তৰ ভাৰত অভিমূখী কেইখনমান ৰে’লৰ সেৱা বাতিল কৰিছে।

তদুপৰি, উত্তৰ পূব সীমান্ত ৰে’লৱেই শ্ৰাৱণী মেলাৰ বাবে কাটিহাৰ মণ্ডলৰ মুকুৰিয়া ৰে’ল ষ্টেচনত কেইখনমান ৰে’লৰ দুই মিনিটৰ ষ্টপেজ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে, যিয়ে গোৰখনাথ ধামলৈ যাবলগীয়া তীৰ্থযাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এক প্ৰেছ বিজ্ঞপ্তিত এই কথা কোৱা হৈছে।

বাতিল কৰা ৰে’লসমূহৰ বিস্তৃত বিৱৰণ আৰু অস্থায়ী ষ্টপেজ সম্পৰ্কীয় তথ্যসমূহ এনেধৰণৰ-

ৰেল সেৱা বাতিল :

*ৰে’ল নং. ১৫৯০৩ (ডিব্ৰুগড়- চণ্ডীগড় এক্সপ্ৰেছ) ডিব্ৰুগড় আৰু চণ্ডীগড়ৰ মাজত চলিবলগীয়া ৰে’লখনৰ যাত্ৰা নিৰ্ধাৰিত দিন ১৪ জুলাই, ২০২৩ তাৰিখে বাতিল কৰা হৈছে।

*ৰে’ল নং ০৫৬১৬ (গুৱাহাটী – উদয়পুৰ বিশেষ) গুৱাহাটী আৰু উদয়পুৰৰ মাজত চলিবলগীয়া গ্ৰীষ্মকালীন বিশেষ ৰে’লখন ইয়াৰ নিৰ্ধাৰিত যাত্ৰাৰ দিন ১৬জুলাই, ২০২৩ তাৰিখে বাতিল কৰা হৈছে।

মুকুৰিয়া ষ্টেচনত ৰে’লৰ অস্থায়ী ষ্টপেজ:

*ৰে’ল নং ১৫৭১৯কাটিহাৰ- শিলিগুড়ী আৰু ১৫৭২০ শিলিগুড়ী – কাটিহাৰ ইণ্টাৰচিটি এক্সপ্ৰেছ ৰে’ল দুখন ২ ছেপ্টেম্বৰ, ২০২৩ তাৰিখ পৰ্যন্ত অতিৰিক্ত তীৰ্থযাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে মুকুৰিয়া ষ্টেচনত ক্ৰমান্বয়ে ০৬.৫১ বজাত আৰু ১৭.১৩ বজাত আহি উপস্থিত হ’ব। একেদৰে ৬.৫৩ আৰু ১৭.১৫ বজাত প্ৰস্থান কৰিব।

*ৰে’ল নং ১৫৪৬৩ বালুৰঘাট-শিলিগুড়ী আৰু ১৫৪৬৪ শিলিগুড়ী – বালুৰঘাট ইণ্টাৰচিটি এক্সপ্ৰেছ ৰে’ল অতিৰিক্ত তীৰ্থযাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে ২ছেপ্টেম্বৰ, ২০২৩ পৰ্যন্ত মুকুৰিয়া ষ্টেচনত ক্ৰমান্বয়ে  ১৫.২৭ বজাত আৰু ১১.০৩ বজাত আহি উপস্থিত হব, একেদৰে ১৫.২৯ বজাত আৰু ১১.০৫বজাত প্ৰস্থান কৰিব।