গেষ্ট্ৰিক বা এচিডিটিৰ সমস্যাত ভুগিছে নেকি? এই পৰামৰ্শসমূহ মনত ৰাখক…

সাম্প্ৰতিক সময়ত গেষ্ট্ৰিক বা এচিডিটি সকলো মানুহৰে এক এৰাব নোৱাৰা সমস্যা হৈ পৰিছে। একেবাৰে কম বয়সৰ শিশুৰ পৰা বৃদ্ধজনলৈকে সকলো লোকেই এতিয়া গেছ বা এচিডিটিৰ ভুক্তভোগী।

বৰ্তমানৰ জীৱন শৈলী আৰু খাদ্যাভাসেই মূলতঃ এই সমস্যাৰ বাবে দায়ী। আমি যদি কিছুমান অভ্যাস এৰাই চলি কেইটামান নিয়ম পালন কৰোঁ, তেন্তে এই সমস্যাই আমাক হাৰাশাস্তি কৰিব নোৱাৰে।

আহকচোন জানো গেছ বা এচিডিটিৰ পৰা দূৰৈত থকাৰ কেইটামান কিটিপ:

১/ খাদ্যৰ পৰিৱৰ্তন:

এচিড উৎপন্ন কৰা খাদ্য যেনে টেঙা, চৰ্বিযুক্ত খাদ্য, এচিডিক খাদ্য, আৰু চাইট্ৰাছযুক্ত খাদ্য চিনাক্ত কৰি পৰিহাৰ কৰক। গোটেই দিনটো কম কমকৈ কেইবাবাৰো আহাৰ গ্ৰহণ কৰক। একেলগে পেট ভৰাই খালে হজম শক্তি কমি আহে আৰু গেষ্ট্ৰিক বা এচিডিটিৰ সমস্যাৰ সৃষ্টি হয়।

কফি আৰু কেফেইনযুক্ত পানীয় সীমিত কৰক। কেফেইনে খাদ্যনলীৰ তলৰ অংশক শিথিল কৰিব পাৰে, যাৰ ফলত পেটৰ এচিড পুনৰ খাদ্যনলীলৈ প্ৰবাহিত হ’ব পাৰে।

মদ্যপানে এই সমস্যা সৃষ্টি কৰিব পাৰে। সেয়ে মদ্যপান সীমিত কৰক।

খাদ্য খোৱাৰ লগে লগে শুই নাযাব। খাদ্য খাই অলপ খোজ কাঢ়ক। খাদ্য খোৱা পিছত কমেও ২-৩ ঘন্টা পিছতহে বিচনালৈ যাব।

আনহাতে ৰাতিপুৱা শুই উঠি ২-৩ ঘন্টাতকৈ অধিক সময় খালী পেটে নাথাকিব। ৰাতিপুৱাৰ আহাৰ ভালদৰে গ্ৰহণ কৰিব।

২/ জীৱনশৈলীৰ পৰিৱৰ্তন: 

অতিৰিক্ত ওজনে পেটত চাপ পেলাব পাৰে আৰু এচিড ৰিফ্লাক্সৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। গতিকে আপোনাৰ বয়স আৰু উচ্চতা অনুযায়ী ওজন নিয়ন্ত্ৰণ কৰক।

নিশা বিচনাত কমেও ৬-৮ ইঞ্চি ওখ গাৰুৰ ওপৰত মূৰটো ৰাখি টোপনি যাওক। যাতে আপুনি শুই থকাৰ সময়ত পেটৰ এচিড পুনৰ খাদ্যনলীলৈ বৈ নাযায়।

ঢিলা কাপোৰ পৰিধান কৰক। বিশেষকৈ কঁকালৰ চাৰিওফালে টাইট কাপোৰ পিন্ধিলে পেটত চাপ পৰিব পাৰে। ই গেছৰ সমস্যাৰ সৃষ্টি কৰে।

৩/ খাদ্য খাওঁতে নিয়ম মানি চলক:

খাদ্য ভালদৰে চোবাই খাওক। খাদ্য কমকৈ চোবাই বা খৰকৈ খালে এচিডিটি বৃদ্ধি পায়।

খাদ্য খোৱাৰ পিছত উলম্ব হৈ থাকিব। খোৱাৰ পিছত কমেও ২-৩ ঘন্টা উলম্ব অৱস্থাত থাকিব যাতে পেটটোৱে খাদ্য সঠিকভাৱে হজম কৰিব পাৰে।

৪/ চাপ নিয়ন্ত্ৰণ কৰক: 

মানসিক চাপে এচিডিটিৰ সমস্যা সৃষ্টি কৰিব পাৰে। মানসিক চাপ নিয়ন্ত্ৰণত সহায়ক হোৱাকৈ ধ্যান, গভীৰ উশাহ-নিশাহ, যোগাসন বা ব্যায়ামৰ দৰে কাৰ্য্যকলাপত লিপ্ত হওক।

৫) ধূমপান বন্ধ কৰক: 

ধূমপান বন্ধ কৰিলে এচিড ৰিফ্লাক্স আৰু আন বহুতো স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা হ্ৰাস হয়।

৬) ঔষধ: 

যদি গেষ্ট্ৰিক বা এচিডিটিৰ সমস্যা ৰোধ কৰিবলৈ কেৱল জীৱনশৈলীৰ পৰিৱৰ্তন অপৰ্যাপ্ত হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ গ্ৰহণ কৰক। 

জধেমধে ফাৰ্মাচীৰ পৰা গেছৰ টেবলেট কিনি খাই নাথাকিব। ই অতি ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।