ডিটেনশ্যন কেম্পৰ পৰা স্বগৃহলৈ সোনাউল্লাহ; বকোৰ গাঁৱত আনন্দ-উল্লাসৰ পৰিৱেশ

আদালতৰ চৰ্ত : কামৰূপ জিলাৰ বাহিৰলৈ যাব নোৱাৰিব

ডিটেনশ্যন কেম্পৰ পৰা স্বগৃহলৈ ওভতাৰ পিছত সোনাউল্লাহ তেওঁৰ পত্নীৰ সৈতে। ফটো : য়ু বি।

১১ দিন ডিটেনশ্যন কেম্পত থকাৰ অন্তত শনিবাৰে স্বগৃহলৈ উভতিল প্ৰাক্তন সেনা বিষয়া সোনাউল্লাহ।

আদালতে ৭ জুনত অন্তৰ্ৱৰ্তী জামিন দিয়াৰ পিছত মুকলি আকাশৰ তললৈ অহাৰ সুযোগ পায় আৰক্ষীয়ে “ঘোষিত বিদেশী” হিচাপে বন্দী কৰা কাৰ্গিল যুদ্ধৰ সৈনিক তথা পাছলৈ অসম আৰক্ষীৰ সীমান্ত শাখাৰ উপ-পৰিদৰ্শকজনে।

আজি দিনৰ ভাগত গোৱালপাৰৰ ডিটেনশ্যন কেম্পৰ পৰা তেওঁক আমিনগাঁৱত থকা কামৰূপ জিলাৰ সীমান্ত শাখাৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়লৈ অনা হয়। ইয়াত যাৱতীয় আনুষ্ঠানিকতাৰ পাছতেই তেওঁক বকোৰ ঘৰলৈ যাবলৈ দিয়া হয়।

জামিন লাভ কৰিলেও আদালতে তেওঁৰ ওপৰত চৰ্ত আৰোপ কৰিছে। জামিনত থকা কালছোৱাত আদালতৰ অনুমতি নোহোৱাকৈ তেওঁ কামৰূপ জিলাৰ বাহিৰলৈ যাব নোৱাৰিব।

ইপিনে, সোনাউল্লাহ মুকলি আকাশৰ তললৈ অহাৰ পাছতেই তেওঁৰ বকোৰ কলহীকাষ গাঁৱত আনন্দ-উল্লাসৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। আত্মীয়-স্বজনৰ লগতে বিভিন্ন দল-সংগঠন আৰু গাঁৱৰ ৰাইজে তেওঁক আদৰি লৈ যায়।

ইপিনে, মুক্তি লাভৰ পাছত গোচৰ সম্পৰ্কীয় বিশেষ কোনো কথাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই সোনাউল্লাহে। তেওঁ কেৱল “আইনৰ ওপৰত ভৰসা আছে, আইনে মোক ন্যায় দিব” বুলি মন্তব্য কৰে।

উল্লেখ্য যে, ১৯৬৭ চনত জন্ম গ্ৰহণ কৰা সোনা উল্লাহে ভাৰতীয় সেনাত ৩০ বছৰ ধৰি কাম কৰিছিল আৰু অনাৰেৰি কেপ্টেইন হিচাপে ২০১৭ চনত অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰৰ পিছতো তেওঁ বিদেশী হিচাপে গ্ৰেপ্তাৰ হোৱাৰ আগলৈকে অসম আৰক্ষীৰ সীমান্ত শাখাত উপ-পৰিদৰ্শক হিচাপে কাম কৰি আছিল।

বিদেশী ন্যায়াধিকৰণৰ আদেশ মৰ্মে অসম আৰক্ষীয়ে ২৮ মে’ত কামৰূপ জিলাৰ বকোৰ নিজৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল সোনা উল্লাহক। তেওঁৰ গ্ৰেপ্তাৰে সমগ্ৰ ৰাজ্যত এক প্ৰকাৰৰ আলোড়ন সৃষ্টি কৰিছে।