বিজেপিৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ আধা আসন হেৰুওৱাক লৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰশাসনৰ পিনে পুনৰ আঙুলি উঠিল।
ইভিএমত যোগী চৰকাৰৰ বিৰুদ্ধে মানুহৰ ক্ষোভ প্ৰকাশ পাইছে বুলি ৰাজ্যৰ কেইবাজনো মন্ত্ৰী আৰু নেতাই অনুভৱ কৰিছে। একাংশই যোগীৰ পদত্যাগৰ দাবীও কৰিছে।
উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই নিজেই কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক বৰ্জন কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰি আলোড়নৰ সৃষ্টি কৰে যে “প্ৰশাসন নহয়, দলীয় সংগঠনৰ মতামতে শেষ কথা”। এতিয়া প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি যোগীৰ এগৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰিলে।
সোনম কিন্নৰ যোগী মন্ত্ৰীসভাৰ ৰাজ্যিক মন্ত্ৰী। শুকুৰবাৰে মুখ্যমন্ত্ৰীলৈ লিখা পদত্যাগ পত্ৰত তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে।
তেওঁ কয়, ‘মন্ত্ৰী হৈ থাকি কি কৰিম, যদি মই একো কৰিব নোৱাৰো। আমোলাসকলে মোৰ কথা নুশুনে। মোৰ কথা বিষয়াসকলৰ ওচৰত কোনো গুৰুত্ব নাপায়। তেওঁলোকে যি ভাল বুলি ভাৱে তাকে কৰে। এই পৰিস্থিতিত মই দলৰ কাম কৰাৰ সিদ্ধান্ত লৈছো। সেয়ে, মই মন্ত্ৰী হৈ থাকিব নিবিচাৰো।‘ যোগীয়ে অৱশ্যে পদত্যাগ পত্ৰখন গ্ৰহণ কৰা নাই।
তাৎপৰ্যপূৰ্ণভাৱে পদত্যাগ ঘোষণা কৰাৰ পিছতে সোনমে সাক্ষাৎ কৰে উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যক। যোগীৰ সৈতে এই উপ-মুখ্যমন্ত্ৰীৰ বিৰোধিতা এতিয়া গোপন নহয়। যোৱা দেওবাৰে দলৰ নিৰ্বাচনী পৰ্যালোচনা বৈঠকত কেশৱ প্ৰসাদ মৌৰ্যই দাবী কৰিছিল যে উত্তৰ প্ৰদেশৰ লোকসভা নিৰ্বাচনত ৰাজ্য চৰকাৰৰ কামকাজৰ বিৰুদ্ধে ৰাইজে ৰায় দিছে। তেওঁৰ অভিযোগ যে সকলো দুৰ্নীতিৰ মূলতে আমোলাসকল। তেওঁলোক শেষ কথা হৈ পৰিছে। দলৰ নেতাৰ কথাৰ কোনো মূল্য নাই।
বিজেপিৰ সভাপতি জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহে মৌৰ্যক দিল্লীলৈ মাতি নি কথা পাতে। কিন্তু দিল্লীৰ পৰা উভতি অহাৰ পিছতো মৌৰ্যই কোনো নাম নোলোৱাকৈ নিজৰ চৰকাৰকে লক্ষ্য কৰি লৈছে। ইয়াৰ পূৰ্বে মিত্ৰজোঁটৰ নেতা দুগৰাকীয়েও যোগী চৰকাৰৰ কামকাজৰ বিষয়ে মুখ খুলিছে। মিত্ৰদলৰ লগতে বিজেপিৰ ভিতৰতো বুলডজাৰেৰে ঘৰ ভাঙি পেলোৱাক লৈ আপত্তি উত্থাপন হৈছে। প্ৰতিবাদকাৰীসকলৰ তালিকাত আছে সোনম কিন্নৰো আছে।