NORTHEAST NOW (Assamese)

৮ কেজি ওজন কমিল সোনম ৱাংচুকৰ, অনশনত স্বাস্থ্যৰ অৱনতি! ৰাহুল গান্ধীক যন্তৰ মন্তৰলৈ যাবলৈ আহ্বান উদ্ধৱ থাকৰেৰ

July 13, 2026 7:41 pm · এন ই নাও নিউজ, গুৱাহাটী

নিটকে ধৰি আন বহুতো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বিতৰ্কৰ পাছতেই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছে। তেওঁলোকৰ মূল দাবী হৈছে শিক্ষামন্ত্ৰীৰ পদত্যাগ আৰু শিক্ষা ব্যৱস্থাৰ সংস্কাৰ। এই প্ৰতিবাদস্থলীতেই সমাজকৰ্মী তথা গৱেষক সোনম ৱাংচুকে অনিৰ্দিষ্টকালৰ বাবে অনশনত বহিছে। জানিব পৰা গৈছে যে নেৰানেপেৰা অনশনৰ ফলত তেওঁৰ শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটিছে।

সোমবাৰে সোনমৰ এই অনশন ১৬ দিনত ভৰি দিয়ে। ককৰোচ জনতা পাৰ্টিয়ে জনোৱা তথ্য অনুসৰি, সোনমৰ ৰক্তচাপ বৰ্তমান ১০৭/৭০ আৰু তেওঁৰ ওজন ৮ কিলোগ্ৰামতকৈয়ো অধিক হ্ৰাস পাইছে। দলটোৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপে কয় যে চৰকাৰে এই বিষয়টোক কোনো কাৰণতে অহংকাৰৰ যুঁজ হিচাপে ল’ব নালাগে, কিয়নো ইয়াৰ লগত মানুহৰ জীৱন জড়িত হৈ আছে। তেওঁ লগতে কয় যে নিজৰ ভুল স্বীকাৰ কৰাটো দুৰ্বলতাৰ লক্ষণ নহয়, বৰঞ্চ ই পৰিপক্কতা আৰু ভুল শুধৰোৱাৰ সদিচ্ছাৰহে প্ৰমাণ।

ইপিনে যন্তৰ মন্তৰত চলি থকা এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ শিৱসেনা (উদ্ধৱ গোষ্ঠী) প্ৰধান উদ্ধৱ থাকৰেই কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীলৈ আহ্বান জনাইছে। সোমবাৰে মুম্বাইত অনুষ্ঠিত এখন সংবাদমেলত তেওঁ কয় যে তেওঁ নিজেও ককৰোচ জনতা পাৰ্টিৰ এই আন্দোলনলৈ যাব আৰু ৰাহুল গান্ধীও তালৈ যোৱা উচিত। দেশৰ যুৱপ্ৰজন্মৰ ওপৰত বিশ্বাস থকা প্ৰতিগৰাকী ব্যক্তিয়েই এই প্ৰতিবাদলৈ যোৱা উচিত বুলি উল্লেখ কৰি তেওঁ সমগ্ৰ দেশবাসীক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদকাৰীসকলক সমৰ্থন জনাবলৈ অনুৰোধ কৰে।

 

Related News