চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ
জলবায়ু কৰ্মী, শিক্ষাবিদ সোণম ৱাংচুকে তেওঁৰ ছাব্বিশ দিনীয়া অনশন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰাকৈয়ে কিয় ভংগ কৰিলে, সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰা সমালোচকসকলক শুকুৰবাৰে কঠোৰ সমালোচনা কৰিছে। ইয়াৰ লগতে তেওঁ চিকিৎসালয়ত তেওঁক উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰখাৰ ভয়ংকৰ অভিজ্ঞতাৰ কথাও বৰ্ণনা কৰে।
ইউটিউবত প্ৰকাশ কৰা এটি ভিডিঅ’ত ৱাংচুকে কয় যে একাংশ লোকে তেওঁ কিয় ছাত্ৰ-ছাত্ৰী আৰু ককৰোচ জনতা পাৰ্টিৰ নেতাসকলৰ সলনি দুজন কেন্দ্ৰীয় মন্ত্ৰীৰ সন্মুখত অনশন ভংগ কৰিলে, তাক লৈ প্ৰশ্ন কৰাত তেওঁ যথেষ্ট আঘাত পাইছে আৰু তেওঁৰ খং উঠিছে। তেওঁ কয় যে প্ৰশ্ন কৰা লোকসকলে ছফদৰজং চিকিৎসালয়ত তেওঁক কিদৰে কটকটীয়া পহৰাত ৰখা হৈছিল, সেই বিষয়ে একেবাৰেই নাজানে। চৰকাৰে তেওঁৰ ওপৰত কঠোৰ নজৰ ৰাখিছিল আৰু কেৱল তিনিজন আত্মীয়কহে তেওঁক লগ কৰিবলৈ দিয়া হৈছিল। তেওঁ অতি কষ্টেৰেহে চিকিৎসালয়ৰ পৰা যোগাযোগ কৰিবলৈ সক্ষম হৈছিল বুলি জানিবলৈ দিয়ে।
তেওঁ অভিযোগ কৰে যে দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ থকাৰ পিছতো বিষয়াসকলে নিৰ্দেশ নোপোৱাৰ অজুহাত দেখুৱাই তেওঁক প্ৰায় পাঁচ ঘণ্টা ধৰি মেদান্ত চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ দিয়া নাছিল। তেওঁ এটি ভিডিঅ’ও মুকলি কৰে য’ত তেওঁক উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো চিকিৎসালয়ৰ পৰা ওলাই যাবলৈ নিদিয়াৰ বাবে আৰক্ষীৰ সৈতে তৰ্ক কৰা দেখা গৈছে। আনকি প্ৰতিবাদস্বৰূপে চিকিৎসালয়ৰ কৰিডৰৰ মজিয়াত শুই পৰি আৰক্ষীক তেওঁক গ্ৰেপ্তাৰ কৰিবলৈও কয়।
শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ কোনো প্ৰতিশ্ৰুতি নোপোৱাকৈয়ে কিয় অনশনৰ সামৰণি মাৰিলে, তাৰ কাৰণো তেওঁ বাখ্যা কৰে। ৱাংচুকে কয় যে চৰকাৰে তেওঁৰ দুটা দাবীত সন্মতি প্ৰকাশ কৰিছে। সেয়া হ’ল আত্মহত্যা কৰা লোকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া আৰু সংসদত এই বিষয়টোৰ ওপৰত বিতং আলোচনা কৰা। কিন্তু ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা নোলোৱাৰ লিখিত প্ৰতিশ্ৰুতি দিবলৈ চৰকাৰ সাজু নাছিল।
তেওঁ কয় যে তেওঁ ছাত্ৰ-ছাত্ৰী আৰু নেতাসকলে আইনী সমস্যাৰ সন্মুখীন হোৱাটো বিচৰা নাছিল। শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ নকৰাৰ বাবে চৰকাৰে সমগ্ৰ দেশতে তীব্ৰ ক্ষোভৰ সন্মুখীন হৈছে আৰু পলমকৈ হ’লেও মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিবই লাগিব। তেওঁ জানিছিল যে তেওঁৰ অনশন ভংগ হ’লেই প্ৰতিবাদ শেষ হৈ নাযায়। সেয়েহে তেওঁ মন্ত্ৰীৰ পদত্যাগতকৈ ছাত্ৰ-ছাত্ৰীসকলক আইনী ব্যৱস্থাৰ পৰা ৰক্ষা কৰাত বেছি গুৰুত্ব দিছিল। তদুপৰি, হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাতো তেওঁ অনশন ভংগ কৰাৰ আন এটা কাৰণ বুলি উল্লেখ কৰে। বিজেপিৰ সৈতে তেওঁৰ গোপন বুজাবুজি হোৱা বুলি একাংশ ৰাজনীতিবিদে কৰা অভিযোগো তেওঁ নাকচ কৰে।
উল্লেখ্য যে, প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টোক লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদক সমৰ্থন জনাই ৱাংচুকে যন্তৰ মন্তৰত অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰিছিল। একৈশ দিনৰ দিনা তেওঁক জোৰকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। ইয়াৰ পিছতে প্ৰতিবাদ অধিক তীব্ৰতৰ হৈ পৰে আৰু ২০ জুলাইত সংসদলৈ কৰা সমদলৰ বাবে যন্তৰ মন্তৰত এক বিশাল জনতা সমৱেত হয়। ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ পিছত এই প্ৰতিবাদ সমগ্ৰ দেশতে বিয়পি পৰে। বৰ্তমান চৰকাৰে প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনাত মিলিত হৈছে যদিও মন্ত্ৰীগৰাকীয়ে পদত্যাগ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি তেওঁলোকে স্পষ্ট কৰি দিছে।