NORTHEAST NOW (Assamese)

অসুস্থ ছোনিয়া গান্ধী! দিল্লীৰ গংগা ৰাম হাস্পতালত ভৰ্তি

February 21, 2025 7:45 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 21, 2025 7:46 am

কংগ্ৰেছ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীক বৃহস্পতিবাৰে পুৱা পেট সমস্যাৰ বাবে গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বিষয়টো সন্দৰ্ভত চিকিৎসালয়খনে কয় যে কোনো ডাঙৰ চিন্তাৰ কথা নাই।

শুকুৰবাৰে সন্ধিয়ালৈকে ছোনিয়া গান্ধীক ডিচচাৰ্জ দিয়াৰ সম্ভাৱনা আছে বুলি চিকিৎসালয়খনে প্ৰকাশ কৰিছে।

ছোনিয়া গান্ধী গেষ্ট্ৰএণ্টেৰলজী বিশেষজ্ঞ ডাঃ সমীৰণ নুণ্ডীৰ তত্বাৱধানত আছে।

উল্লেখ্য যে, কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে যোৱা বছৰৰ ডিচেম্বৰ মাহত ৭৮ বছৰ সম্পূৰ্ণ কৰিছিল।

যোৱা সপ্তাহত ১৩ ফেব্ৰুৱাৰীত সংসদৰ বাজেট অধিৱেশনৰ সময়ত ৰাজ্যসভাত দেখা পোৱা গৈছিল ছোনিয়া গান্ধীৰ শেষৰটো ৰাজহুৱা উপস্থিতি।

Related News