• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছামীৰ পাঁচ উইকেট, গিলৰ শতকেৰে বাংলাদেশক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীত ভাৰতৰ ৰাজকীয় আৰম্ভণি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2025 8:22 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেটিং নে বলিং? চেম্পিয়নছ ট্ৰফীত ভাৰতৰ উদ্বোধনী মেচত কোনটো বিভাগে দৃষ্টি কাঢ়িলে? ৰোহিত শৰ্মাই সন্তুষ্টিৰ হাঁহি মাৰি ক’বই পাৰে, ইয়াকে কয় টীম গেম। য‘ত মহম্মদ ছামীয়ে প্ৰত্যাৱৰ্তনতে ৫ উইকেট দখল কৰি যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিৰ অভাৱ ভালদৰে পূৰণ কৰে।

ইপিনে, শুভমান গিলে ৰোহিত আৰু কোহলীৰ ওপৰত নিৰ্ভৰশীলতাক অতিক্ৰম কৰি কঠিন পিটচত শীতল মস্তিষ্কৰে শতক অৰ্জন কৰি দেখুৱালে যে তেওঁ টিম ইণ্ডিয়াৰ উজ্জ্বল ভৱিষ্যত।

Apply Now

যোৱা পাঁচখন এদিনীয়া মেচলৈ চালে ভাৰতে বাংলাদেশৰ বিৰুদ্ধে দুখনত জয়লাভ কৰিছে৷ মুছফিকুৰৰ দলটোৱে তিনিখনতে জয়লাভ কৰে। অৱশ্যে সেই দল আৰু বৰ্তমান বাংলাদেশৰ দলটোৰ মাজত এক বৃহৎ পাৰ্থক্য আছে। দলটোত অভিজ্ঞ তাৰকাৰ অভাৱ স্পষ্ট। বাংলাদেশৰ ইনিংছৰ আৰম্ভণিতে সেই কথা যথেষ্ট স্পষ্ট হৈ পৰিছিল। পাৱাৰ প্লে’ত ইটোৰ পিছত সিটো উইকেট দখল কৰি ছামী আৰু হৰ্ষিতে টাইগাৰ্ছ বাহিনীৰ বেটিং লাইন আপক চাপত পেলাইছিল। অৱশ্যে চাপত পৰিও তৌহিদ হৃদয়ে চাপ চম্ভালি শতক অৰ্জন কৰিবলৈ সক্ষম হয়।

দুয়োটা ইনিংছত মুঠ ৯৬.৩ অভাৰ খেলা হয়। য’ত হৃদয়ৰ দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰে খেলিছিল। তথাপিও এটা সময়ত এনে লাগিছিল যেন বাংলাদেশে ১০০ ৰান অতিক্ৰম কৰিব পাৰিব নে নাই। কিন্তু মিছ কৰা কেচৰ মূল্য ভৰিবলগীয়া হ’ল ভাৰতে। আৰু সেই সুযোগতে হৃদয়ে স্পিন আৰু ছুইঙৰ চাপ সহ্য কৰিবলৈ সক্ষম হৈ শতক অৰ্জন কৰে। জাকেৰ আলী হৈ পৰিল তেওঁৰ যোগ্য সংগী। অৱশ্যে চেম্পিয়নছ ট্ৰফীৰ আৰম্ভণিতে ছামীয়ে যিদৰে নিজকে তুলি ধৰিলে সেইটোৱে নিঃসন্দেহে ৰোহিত আৰু গম্ভীৰক সকাহ দিব।

মেচৰ পূৰ্বে ৰোহিতে কৈছিল যে সেইদিনা টছত জয়ী হ’লে বলিং কৰাৰ সিদ্ধান্ত ল’লেহেঁতেন। তাত বাংলাদেশৰ অধিনায়কগৰাকীৰ বেটিং কৰাৰ সিদ্ধান্তও বুমেৰাং হৈ পৰিল। ফলত বাংলাদেশে কেতিয়াও ভাৰতৰ ওপৰত চাপ প্ৰয়োগ কৰিব পৰা নাছিল। এদিনীয়া মেচত ২২৮ ৰান অতিক্ৰম কৰা এতিয়া কাৰ্যতঃ ভাতৰ লগত পানী খোৱাৰ দৰে হৈ পৰিছে। সেইটোও ৰেংকিঙৰ শীৰ্ষত থকা ভাৰতৰ হাতত। সেয়ে, ভাৰতে বেটিং কৰিবলৈ ওলোৱাৰ আগতে খেলখন কিছু একপক্ষীয় হৈ পৰিছিল। অৱশেষত ২১টা বল বাকী থকা অৱস্থাত ছয় মাৰি খেলখন সমাপ্ত কৰে কে এল ৰাহুলে।

হয়, এইটো সঁচা যে ডুবাইয়ে ইয়াত ৰোহিত বা বিৰাটৰ ডাঙৰ ইনিংছৰ সাক্ষী হ’ব নোৱাৰিলে। কিন্তু হতাশ হোৱাৰ কোনো প্ৰয়োজন নাছিল। শুভমন গিলে অনুৰাগীসকলক এক দৃষ্টিনন্দন শতক প্ৰদান কৰে। চেম্পিয়নছ ট্ৰফীত তেওঁৰ এইটোৱেই প্ৰথম শতক। আৰু এদিনীয়া ক্ৰিকেটত অষ্টমটো।

ডুবাইলৈ উৰাজাহাজেৰে যোৱাৰ আগতে প্ৰাক্তন খেলুৱৈসকলে বাৰে বাৰে ৰোহিতক এটাই উপদেশ দিছিল। কাৰোবাৰ ওপৰত নিৰ্ভৰশীল হোৱাটো বন্ধ কৰিব লাগিব। দলীয় খেল খেলিব লাগিব। বৃহস্পতিবাৰৰ দিনা যেন ছিনিয়ৰসকলৰ আদেশ পালন কৰিলে দলটোৱে। ভাৰত-পাকৰ সংঘৰ্ষৰ পূৰ্বে উৎকৃষ্ট ফৰ্মত আছে টিম ইণ্ডিয়া। ক্ৰিকেটাৰ আৰু অনুৰাগীৰ লগতে গৌতম গম্ভীৰ নিশ্চিতভাৱে সন্তুষ্ট এই প্ৰদৰ্শনত।

সংক্ষিপ্ত স্কোৰঃ

বাংলাদেশঃ ২২৮/১০ (হৃদয়-১০০, জাকেৰ-৬৮, ছামী-৫/৫৩, হৰ্ষিত-৩১/৩)

ভাৰতঃ ২৩১/৪ (ৰোহিত-৪১, গিল-১০১*, ৰাহুল-৪১*, ৰিশদ-২/৩৮)

ভাৰতে ৬ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd