কেজৰিৱালক সমালোচনা কৰা সোণোৱালৰ চৰকাৰে ২৪% বঢ়াব বিদ্যুৎ মাচুল

electricity

দিল্লীত শেহতীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ কৰিবলৈ গৈ “অৰবিন্দ কেজৰিৱালে পাঁচ বছৰত কি কাম কৰিলে” বুলি হাস্যকৰ মন্তব্য কৰা সৰ্বানন্দ সোণোৱালৰ চৰকাৰখনে অসমত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলৈ ওলাইছে।

কেজৰিৱালৰ আপ চৰকাৰে দিল্লীত নাগৰিকসকলক নিৰ্ধাৰিত পৰিমাণলৈকে ঘৰুৱা ব্যৱহাৰৰ বিদ্যুৎ মাচুল সম্পূৰ্ণ ৰেহাই দিয়াৰ বিপৰীতে অসমত বৰ্তমান ঘৰুৱা ব্যৱহাৰৰ বিদ্যুৎ মাচুল ৭.২৫ টকা প্ৰতি কিলোৱাটত।

অসম বিদ্যুৎ নিয়ামক আয়োগৰ (Assam Electricity Regulatory Commission) এটা সূত্ৰই জানিবলৈ দিয়ামতে, অচিৰেই এই হাৰ প্ৰায় ২৪ শতাংশ বৃদ্ধি পাব। বৃদ্ধিৰ পিছত প্ৰতি কিলোৱাটত ৮.৮৫ টকা হ’বগৈ। বাণিজ্যিক ব্যৱহাৰৰ বিদ্যুতৰ মাচুল প্ৰতি কিলোৱাটত ৭.৬০ টকাৰ পৰা ৯.৪৫ টকা হ’বগৈ পাৰে।

সূত্ৰটোৰ মতে, যিবোৰ খণ্ডৰ পৰা অসম চৰকাৰে বিদ্যুৎ ক্ৰয় কৰি আহিছে সেইবোৰে দাম বৃদ্ধি কৰা বাবেই এই সিদ্ধান্ত অনিবাৰ্য্য হৈ পৰিছে। এই যুক্তিতে অসম বিদ্যুৎ বিতৰণ কোম্পানি লিমিটেড (APDCL) দাম বৃদ্ধিৰ প্ৰস্তাৱ প্ৰস্তুত কৰি ইতিমধ্যে প্ৰেৰণ কৰিছে।

অসম বিদ্যুৎ নিয়ামক আয়োগে অচিৰেই এই সম্পৰ্কীয় জাননী প্ৰকাশ কৰিব আৰু অহা ১ এপ্ৰিলৰ পৰাই এই নতুন নিৰিখ কাৰ্য্যকৰী হ’ব।

অসমত মুঠ বিদ্যুতৰ প্ৰয়োজন প্ৰায় ১৪০০ মেগাৱট, যাৰ ভিতৰত ৩৮০-৩৯০ মেগাৱটহে ৰাজ্যখনৰ লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰ, নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰ, কাৰ্বি-লংপি জলবিদ্যুৎ প্ৰকল্প আৰু মিনত্ৰিয়াং ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পত উৎপাদিত হয়। গতিকে ৰাজ্যখনে বিদ্যুতৰ চাহিদাৰ জোৰা মাৰিবৰ বাবে ১০০০ মেগাৱটতকৈ বেছি বিদ্যুৎ বিভিন্ন ৰাজহুৱা খণ্ডবোৰৰ পৰা কিনিব লগীয়া হয়।