NORTHEAST NOW (Assamese)

ওদালগুৰি জিলাৰ চাহ শ্ৰমিক সকলৰ বাবে ৫০০০০ মাস্ক প্ৰদান মুখ্য মন্ত্ৰী সোণোৱালৰ

April 18, 2020 6:42 pm · চাজিদ খান
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে ওদালগুৰি জিলাৰ কোভিদ-১৯ প্ৰতিৰোধী প্ৰস্তুতি পৰ্যবেক্ষণ কৰে।

জিলাখনৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে সোণোৱালে সোণাইগাঁও কোৱাৰেণ্টাইন চেন্টাৰ পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে।

সোণাইগাঁও কোৱাৰেণ্টাই চেন্টাৰ পৰিদৰ্শন কৰি সোণোৱালে ৰাজ্য চৰকাৰে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি অসমে এইক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব বুলি মন্তব্য কৰে।

আনহাতে, সোণোৱালে জিলাখনৰ চাহ বাগিচাত সামাজিক দূৰত্ব মানি চলি কাম কৰি থকা চাহ শ্ৰমিক সকলৰ বাবে ৫০,০০০ মাস্ক অৰ্পন কৰে।

তদুপৰি, দেশৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোকৰ সুৰক্ষাৰ বাবে মুখ্য মন্ত্ৰী সোণোৱালে ইতিমধ্যে গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা আদিকে ধৰি বহুকেইখন ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে টেলিফোনিক বাৰ্তালাপত অংশ লৈছে বুলিও মত প্ৰকাশ কৰে।

জিলাখন পৰিদৰ্শন কালত মুখ্য মন্ত্ৰী সোণোৱালক অসম চৰকাৰৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে সংগ দিয়ে।

Related News