চেন্নাইত ‘অসম ভৱন’ মুকলি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

01-11-18-Chennai-Inaugurated-the-Assam-Bhawan-3-750x375

চেন্নাইত অসম ভৱন মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল। ফটো : ইউ বি

চেন্নাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে মুকলি কৰিলে অসম ভৱন। চেন্নাইত থকা অসমৰ ছাত্ৰ-ছাত্ৰী তথা চিকিৎসাৰ বাবে যোৱা ৰোগীৰ লগতে তামিলনাডুলৈ ভ্ৰমণৰ বাবে যোৱা অসমৰ যাত্ৰীসকলৰ সুবিধাৰ্থে এই অসম ভৱনটো নিৰ্মাণ কৰা হৈছে।

অসম ভৱনটো অসমৰ ৰাইজৰ বাবে উৎসৰ্গা কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে চেন্নাইৰ অসমীয়াসকলৰ বাবে আজিৰ দিনটো অতিকে গুৰুত্বপূৰ্ণ। অসম ভৱন এটা গৃহ নহয়, এইখন এখন সেতু।

চেন্নাইত “অসম ভৱন”ৰ উদ্বোধনী কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি চেন্নাইৰ অসম এছ’চিয়েচনৰ প্ৰতিনিধিবৰ্গৰ লগতে সাংবাদিকসকলৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ মত বিনিময় কৰে। অসমৰ সৈতে বিভিন্ন ৰাজ্যৰ সম্পৰ্ক শক্তিশালী কৰাৰ বিষয়তো মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে।

মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে অসমৰ জনগণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশৰে বিভিন্ন প্ৰান্তত এইদৰে ”অসম ভৱন” স্থাপন কৰাৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। চেন্নাইলৈ চিকিৎসা সেৱাৰ বাবে যোৱা অসমৰ লোকসকলৰ লগতে পৰ্যটকসকলৰ ক্ষেত্ৰত এই অসম ভৱনটো বিশেষকৈ সহায়ক হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে।

আনহাতে, ১২.৯৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা ভৱনটোত ৩২ কোঠাৰ থকাৰ লগতে ভিআইপি তথা ভিভিআইপিৰ থকা মেলাৰো ব্যৱস্থা ৰখা হৈছে।

এই অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দ ব্ৰহ্ম, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, ইয়াৰ উপাধ্যক্ষ নৱজিৎ কলিতা আৰু তামিল নাডুৰ প্ৰশাসনীয় সংস্কাৰ বিভাগৰ মন্ত্ৰী থিৰু ডি জয়কুমাৰৰ লগতে আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।