কাৰ্গিল যুদ্ধৰ ছহিদ কেপ্তেইন জিণ্টু গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্য মন্ত্ৰী সোণোৱালৰ
আজি কাৰ্গিল যুদ্ধৰ বীৰ ছহিদ জিণ্টু গগৈৰ ২১ সংখ্যক মৃত্যু দিৱস। এই মৃত্যু দিৱসত ছহিদ গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৰাজৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
১৯৯৯ চনৰ আজিৰ দিনটোত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুদ্ধত অসমৰ এইগৰাকী বীৰ জোৱান ছহিদ হৈছিল।
সোণোৱালে ছ’চিয়েল মিডিয়াযোগে ছহিদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তেওঁ কয়, ‘দেশৰ সুৰক্ষাৰ বাবে বীৰদৰ্পে যুঁজি প্ৰাণ আহুতি দিয়া কেপ্তেইন জিণ্টু গগৈৰ অদম্য সাহসিকতা আৰু মহান ত্যাগ আমাৰ বাবে গৌৰৱ আৰু প্ৰেৰণাৰ বিষয়’।
উল্লেখ্য যে ১৭ নং গাড়ৱাল ৰাইফলছৰ কেপ্টেইন আছিল জিণ্টু গগৈ। তেওঁক কাৰ্গিল যুদ্ধৰ সময়ত বাটালিক ছেক্টৰৰ জুবাৰ কমপ্লেক্সৰ কালাপাথৰ ৰিঝ লাইন শত্ৰুৰ হাতৰ পৰা মুক্ত কৰিবলৈ দায়িত্ব প্ৰদান কৰা হৈছিল। আৰু সেই দায়িত্ব পালনৰ সময়তে তেওঁ ছহিদ হয়।
কাৰ্গিল যুদ্ধত বিজয় লাভ কৰাৰ পিছতে অৰ্থাৎ ১৯৯৯ চনৰ স্বাধীনতা দিৱসত মৰণোত্তৰভাৱে কেপ্টেইন জিণ্টু গগৈক বীৰ চক্ৰৰে সন্মানিত কৰে।
১৯৯৯ চনৰ ২৬ জুলাইত কাৰ্গিলৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয় লাভ কৰিছিল ভাৰতবৰ্ষই।