NORTHEAST NOW (Assamese)

চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছত উদ্ভৱ হ’ব পৰা পৰিস্থিতি সন্দৰ্ভত গৃহ মন্ত্ৰীৰে বৈঠক সোণোৱালৰ

August 19, 2019 8:17 pm · এন ই নাও নিউজ
Updated: August 19, 2019 8:26 pm

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক তেখেতৰ নতুন দিল্লীৰ নৰ্থ ব্লকত থকা কাৰ্যালয়ত সাক্ষাৎ কৰি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

আগন্তুক ২১ আগষ্টত উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে দিন ধাৰ্য কৰি দিয়াৰ পৰিপ্ৰেক্ষিটত ৰাজ্যৰ সাম্প্ৰতিক আইন-শৃংখলাজনিত পৰিস্থিতিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহে ৰাজ্যৰ শান্তিপূৰ্ণ পৰিৱেশ অটুত ৰখাৰ দিশত কেন্দ্ৰীয় চৰকাৰে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব বুলি মুখ্য মন্ত্ৰীক আশ্বাস প্ৰদান কৰে।

ইফালে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ সময়ত ৰাইজৰ সহযোগত শান্তিপূৰ্ণ পৰিৱেশ অক্ষুণ্ণ থাকিব বুলি কয়।

ইয়াৰ উপৰি এন আৰ চিৰ অংশ খচৰা, সম্পূৰ্ণ খচৰা প্ৰকাশৰ সময়ত ৰাজ্যত যিদৰে শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছিল এইবাৰো জনসাধাৰণে এই ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াব বুলি মুখ্য মন্ত্ৰীয়ো আশা প্ৰকাশ কৰে।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ দেশতে শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ আৰু বন্ধুত্বপূৰ্ণ ভাৱধাৰা অধিক শক্তিশালী হৈ উঠিছে। ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতা শক্তিশালী কৰাৰ যাত্ৰাত প্ৰধান মন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত সকলো ভাৰতীয়ই দৃঢ়তাৰে পদক্ষেপ লৈছে বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

Related News