বিজেপিৰ সুশাসনত বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি পুৰি মৰিছে : সোণোৱাল

52874811_2319238324977805_468770374411091968_n

ডিব্ৰুগড়ত বৃহস্পতিবাৰে বিজেপিৰ বিশাল সাংগঠনিক সভাত ভাষণ দিছে মুখ্য মন্ত্ৰী সোণোৱালে।

‘’বিজেপি নেতৃত্বৰ ৰাজ্য চৰকাৰখনে এক সুশাসন ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনক মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হৈছে। তাৰবাবে বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি পুৰি মৰিছে।‘’ ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত এখন বিশাল সাংগঠনিক সভাত ভাষণ দি বৃহস্পতিবাৰে এইদৰে কয় মুখ্য মন্ত্ৰী সোণোৱালে।

আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাৰ বাবে বিজেপিয়ে আয়োজন কৰা সাংগঠনিক সভাখনত মুখ্য মন্ত্ৰী সোণোৱালে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলোৱাৰো অভিযোগ কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে চৰকাৰখনক জাতিধ্বংসী চৰকাৰ বুলি কোৱা হৈছে যদিও এই চৰকাৰখনে বিভিন্ন দিশত ৰাজ্যখনৰ উন্নয়নৰ দিশত কাম কৰা বুলি দাবী কৰে।

সোণোৱালে কয় যে আন চৰকাৰে এপিএছচি কেলেংকাৰি নাইকীয়া কৰিবলৈ পদক্ষেপ ল’ব পৰা নাছিল। কিন্তু বিজেপি চৰকাৰে এইক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰিলে।এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা হোৱা বাবে বৰ্তমান এপিএছচিৰ ওপৰত আস্থা তথা বিশ্বাসৰ সৃষ্টি হৈছে আৰু লগতে দুখীয়া প্ৰাৰ্থীয়েও সংস্থাপন লাভ কৰিছে।

মুখ্য মন্ত্ৰীয়ে লগতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ কাৰ্যকালত চৰকাৰী আঁচনিৰ সুবিধা পাবলৈ মধ্যভোগীৰ জৰিয়তেহে হৈছিল।

ডিব্ৰুগড়ত বৃহস্পতিবাৰে মুখ্য মন্ত্ৰীয়ে একপ্ৰকাৰ নিৰ্বাচনী ৰণডংকা বজাই আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধীৰ সমালোচনাত মুখৰ হৈ পৰে।

আনহাতে, ২০১৯ৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে পুনৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য আগবঢ়ায় সোণোৱালে। তেওঁ অসমত বিজেপিয়ে ১৪ খন আসনৰ ১২ খনেই দখল কৰিব বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে এই বিশাল সাংগঠনিক সভাখন ডিব্ৰুগড়,লখিমপুৰ আৰু যোৰহাট সমষ্টি ভিত্তিত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হৈছে। সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তপন গগৈ আৰু সাংসদ ৰামেশ্বৰ তেলীকে ধৰি বিজেপিৰ বিভিন্ন নেতা উপস্থিত থাকে।