India vs South Africa: জোহান্সবাৰ্গত ইতিহাস গঢ়াত ব্যৰ্থ টীম ইণ্ডিয়া; ছিৰিজত সমতা স্থাপন দক্ষিণ আফ্ৰিকাৰ

88727342

বৰষুণেও বচাব নোৱাৰিলে টীম ইণ্ডিয়াক।জোহান্সবাৰ্গৰ বৰ্ষা বিঘ্নিত দ্বিতীয়খন টেষ্টত অনায়াসে বিজয় সাৱ্যস্ত কৰি ছিৰিজত সমতা স্থাপন কৰিলে দক্ষিণ আফ্ৰিকাই।

দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এলগাৰে দুৰ্দান্ত বেটিঙৰে সন্মুখৰ পৰা যুঁজ দি দলক বিজয়ী কৰালে। এইদৰে বিগত ২৯বছৰত প্ৰথমবাৰ ওৱাণ্ডাৰ্ছত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজিত হ’ল ভাৰত।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত প্ৰথমবাৰৰ বাবে অধিনায়কত্ব কৰা কে এল ৰাহুলে নিজে ভাল প্ৰদৰ্শন দাঙি ধৰিলে যদিও দলীয় প্ৰদৰ্শন দুৰ্বল হোৱাৰ বাবে টীম ইণ্ডিয়াই ভাল স্ক’ৰ থিয় কৰাব নোৱাৰিলে।

দক্ষিণ আফ্ৰিকাক প্ৰথম ইনিংছত ২২৯ৰাণত সীমিত কৰি ৰাখিলেও ভাৰতীয় বলিঙে দ্বিতীয় ইনিংছত প্ৰভাৱ পেলাবলৈ সক্ষম নহ’ল।

লগতে পঢ়ক: লুণ্ঠন! অসম ক্রিকেট সন্থাৰ প্রাক্তন কোষাধ্যক্ষ মুনীন্দ্র নাথ শইকীয়াক গ্রেপ্তাৰ

ভেন ডুছেনে ৪০ৰাণ কৰি এলগাৰক যোগ্য সংগ দিয়ে। সেইদৰে অন্তিম পৰ্যায়ত ২৩ ৰাণ কৰি অপৰাজিত হৈ থাকে বাভুমা। কিন্তু প্ৰায় নিজৰ দমনীয় বেটিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি দলক বিজয় আনি দিয়ে এলগাৰে।

জোহান্সবাৰ্গৰ দ্বিতীয় টেষ্টখনৰ প্ৰথম ইনিংছত বলিং কৰি উজলি উঠিছিল টীম ইণ্ডিয়াৰ শাৰ্দুল ঠাকুৰ। প্ৰথম ইনিংছত অকলেই শাৰ্দুলে ৭টা উইকেট দখল কৰিছিল। কিন্তু দ্বিতীয় ইনিংছত ভাৰতীয় বলাৰে দক্ষিণ আফ্ৰিকাক কোনোধৰণে বিপদত পেলাবলৈ সক্ষম নহ’ল।

লগতে পঢ়ক: হঠাতে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এইগৰাকী ক্ৰিকেটাৰৰ

অহা ১১ জানুৱাৰীৰ পৰা কেপটাউনত ছিৰিজৰ অন্তিমখন টেষ্ট অনুষ্ঠিত হ’ব। তাতেই টীম ইণ্ডিয়াই ইতিহাস গঢ়াৰ অন্তিম সুযোগ এটা লাভ কৰিব। কেপটাউনত বিজয় সাৱ্যস্ত কৰি দক্ষিণ আফ্ৰিকাৰ মাটিত টেষ্ট ছিৰিজ জয়ৰ ইতিহাস গঢ়িবলৈ সক্ষম হ’বনে ভাৰত সেয়া লক্ষ্যণীয় হৈ পৰিছে।             

ভাত: ২০২/১০ (ৰাহুল-৫০, অশ্বিন-৪৬) আৰু ২৬৬/১০ (ৰাহানে ৫৮, পূজাৰা-৫৩)
দক্ষিণ আফ্রিকা: ২২৯/১০ (পিটাৰছে-৬২, বাভুমা-৫১, শার্দূল-৬১/৭) আৰু ২৪৩/৩ (এলগা ৯৬*, ডুছেন ৪০)

৭ উইকেটত বিজয়ী দক্ষিণ আফ্রিকা