NORTHEAST NOW (Assamese)

‘নগ্ন হৈও অভিনয় কৰিছো, চুম্বন কোনো কথাই নহয়’- অন্তৰংগ দৃশ্যক লৈ স্পষ্ট কথা মোহময়ী অভিনেত্ৰীৰ!

April 30, 2023 2:43 pm · এন ই নাও নিউজ, গুৱাহাটী
দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী অমলা পল।

নিজৰ কেৰিয়াৰৰ অধিক সময় তামিল, তেলেগু, মালয়ালম ভাষাৰ কেইবাখনো চিনেমাত অভিনয় কৰিছে অমলা পলে। ‘নীলাথামৰা’, ‘মায়া’, ‘ৰাণ বেবী ৰাণ’, ‘মিলি’ আদিৰ দৰে প্ৰশংসিত চিনেমাত দেখা গৈছিল অভিনেত্ৰীগৰাকীক। অৱশ্যে পৰ্দাত অন্তৰংগ দৃশ্যত অভিনয় কৰাৰ বাবে অভিনেত্ৰীগৰাকী বিভিন্ন সময়ত সমালোচনাৰ সন্মুখীন হৈছে। এইবাৰ চুম্বনৰ দৃশ্যত অভিনয় কৰি তেওঁ আলোচনালৈ আহিছে।

অমলা পলে এতিয়া বহু প্ৰত্যাশিত মালয়ালম চিনেমা ‘আডুজিভিথাম’ত পৃথ্বীৰাজ সুকুমাৰণৰ সৈতে এটা চুম্বনৰ দৃশ্য শ্বেয়াৰ কৰাৰ বাবে চৰ্চালৈ আহিছে। ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছতে চুম্বনৰ দৃশ্যটোক সমালোচনা কৰিবলৈ আৰম্ভ কৰে নেটিজেনসকলে।

ইমানদিনে এই সমালোচনাক লৈ মৌন হৈ আছিল অভিনেত্ৰীগৰাকী। এতিয়া তেওঁ এই বিষয়ত মুখখন খুলিছে। কেইবাটাও সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত অমলাই কয় যে কাহিনীৰ প্ৰয়োজন হ’লে তেওঁ নগ্ন হ’বলৈও সাজু। তাত চুম্বনৰ  দৃশ্য কোনো কথাই নহয়।

অৱশ্যে এনে বিতৰ্ক অমলা পলৰ বাবে নতুন কথা নহয়। ২০১৮ চনত ‘আদাই’ চিনেমাৰ এটি দৃশ্যত সম্পূৰ্ণ নগ্ন হৈ অভিনয় কৰিছিল। বহুতে সমালোচনা কৰিলেও তেওঁৰ সহ অভিনেতাসকলে অমলাক প্ৰশংসা কৰে।

অমলাই কয় যে তেওঁ ইতিমধ্যে জানিছিল যে ‘আদুজিভিথাম’ চিনেমাখনত এটা অন্তৰংগ চুম্বনৰ দৃশ্য থাকিব। এই প্ৰসংগত অমলাই কয়, ‘পৃথ্বীৰাজৰ সৈতে চুম্বনৰ দৃশ্যত অভিনয় কৰাৰ কথা চুক্তি স্বাক্ষৰ কৰাৰ আগতে পৰিচালকে মোক কৈছিল। চিনেমাখনৰ কাহিনীৰ বাবে এই দৃশ্যটো প্ৰয়োজনীয় আছিল। গতিকে মই মান্তি হৈছিলো। এই দৃশ্যটোত অভিনয় কৰিবলৈ মই ইতিমধ্যে সাজু হৈছিলোঁ। গতিকে চুম্বনৰ দৃশ্যটোত অভিনয় কৰাটো মোৰ বাবে সহজ আছিল।’

‘আদাই’ৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়, ‘নগ্ন হৈও অভিনয় কৰিছো, চুমা খোৱাটো কোনো কথাই নহয়।’

অমলা পলে দক্ষিণৰ চাৰিটা ভাষাৰ ছবিত অভিনয় কৰিছে। তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল চলিত বৰ্ষৰ আৰম্ভণিতে মুক্তি পোৱা মালয়ালম চিনেমা ‘ক্ৰিষ্টোফাৰ’ত। বৰ্তমান তেওঁ মালয়ালম ‘দ্ৱিজ’, তামিল ‘আধো আন্ধা পাৰভাই পোলা’ত অভিনয় কৰিছে।

আনহাতে, ‘আদুজিভিথাম’ৰ শ্বুটিং শেষ। এতিয়া পোষ্ট প্ৰডাকচনৰ কাম চলি আছে। এইবাৰ কান চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ কৰাৰ পৰিকল্পনা কৰিছে নিৰ্মাতাসকলে। ২০২৩ চনৰ শেষৰ ফালে মুক্তি পাব ছবিখন।

Related News