FIFA World Cup 2022: বিশ্বকাপ ফুটবলত এছিয়াৰ জয়জয়কাৰ! পৰ্তুগালক পৰাস্ত কৰি নকআউটত দক্ষিণ কোৰিয়া

বিশ্বকাপত এছিয়াৰ যুঁজ অব্যাহত আছে। জাপানৰ পিছত এইবাৰ দক্ষিণ কোৰিয়া। ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰ্তুগালক পৰাস্ত কৰি নকআউট পৰ্যায়ত উপনীত হ’ল এছিয়াৰ দেশখন। যদিও উৰুগুৱেৰ সৈতে পইণ্ট আৰু গ’লৰ পাৰ্থক্য সমান, গ্ৰুপ পৰ্যায়ত অধিক গ’ল কৰাৰ বাবে এছিয়ান দলটোৱে গ্ৰুপত দ্বিতীয় স্থান লাভ কৰে। ফলস্বৰূপে দক্ষিণ কোৰিয়া অন্তিম ষোল্লত উপনীত হোৱা তৃতীয় এছিয়ান দল হিচাপে পৰিগণিত হয়।

নকআউটত উপনীত হ’বলৈ পৰ্তুগালৰ বিৰুদ্ধে জিকাটো জৰুৰী আছিল। কেৱল সেয়াই নহয়, দিনটোৰ আনখন খেলত উৰুগুৱেই অধিক গ’লত জিকিলেও অংক নিমিলে। এই দুটা সমীকৰণৰ কথা মনত ৰাখি ছন হিউং মিনৰ দল খেলপথাৰত নামিছিল। সৌভাগ্যক্ৰমে দিনটোৰ দুখন খেলৰ ফলাফল দক্ষিণ কোৰিয়াৰ পক্ষত গ’ল।

দক্ষিণ কোৰিয়াই তেওঁলোকৰ খেলখনত পৰ্তুগালক ২-১ গ’লত পৰাস্ত কৰে। আনখন খেলত ঘানা ২-০ গ’লত পৰাজিত হয় যদিও উৰুগুৱেই গ’ল পাৰ্থক্যত দক্ষিণ কোৰিয়াক অতিক্ৰম কৰিব নোৱাৰিলে। ফলত পইণ্ট আৰু গ’লৰ পাৰ্থক্য সমান হ’লেও অধিক গ’ল কৰাৰ বাবে এছিয়াৰ দলটো পৰৱৰ্তী ৰাউণ্ডলৈ গৈছে।

শুকুৰবাৰে নিশা খেলখনৰ আৰম্ভণিতে দক্ষিণ কোৰিয়া উজুটি খায়। খেলখনৰ পাঁচ মিনিটৰ ভিতৰতে ৰোনাল্ডোৰ পৰ্তুগালে হৰ্টাৰ গ’লৰ জৰিয়তে আগবাঢ়ি যায়। পৰ্তুগালে প্ৰথমাৰ্ধত কেইবাটাও সুযোগ লাভ কৰিছিল যদিও তেওঁলোকে সেইবোৰৰ ব্যৱহাৰ কৰিব নোৱাৰিলে। খেলখনৰ ২৭ মিনিটত কিম য়ং-গোৱানে খেলৰ গতিৰ বিপৰীতে গ’ল পৰিশোধ কৰি কোৰিয়াক আশাৰ পোহৰ দেখুৱায়।

খেলখনৰ দ্বিতীয়াৰ্ধত কোৰিয়াই অধিক আক্ৰমণাত্মক খেলিছিল। অৱশ্যে তেওঁলোকে ৯০ মিনিটলৈকে তেওঁলোকৰ কোনো প্ৰচেষ্টাত কাৰ্যকৰী কৰিব পৰা নাছিল। তেওঁলোকে ইনজুৰি টাইমত আকাংক্ষিত লক্ষ্যটো লাভ কৰে। চুপাৰ চাব হং হি চানে অনবদ্য গ’ল কৰি কোৰিয়াক নকআউট পৰ্যায়লৈ লৈ যায়।

ইপিনে, আনখন বৰ্তি থকাৰ যুঁজৰ খেলত আৰম্ভণিৰ পৰাই উৰুগুৱেই আক্ৰমণাত্মক মেজাজত খেলিবলৈ আৰম্ভ কৰে। আৰম্ভণিৰ পৰাই দুবাৰৰ চেম্পিয়ন দলটোৱে এটাৰ পিছত এটাকৈ আক্ৰমণ অব্যাহত ৰাখে। যাৰ ফলাফল খেলখনৰ ২৬ মিনিটত পোৱা যয়। যুৱ খেলুৱৈ আৰাস্কায়াতাৰ গ’লৰ জৰিয়তে আগবাঢ়ি গৈছিল উৰুগুৱে। ছয় মিনিটৰ পিছত আৰাস্কায়েতাই পুনৰ গ’ল কৰে। উৰুগুৱেই একাধিক গ’ল কৰাৰ সুযোগ লাভ কৰে যদিও তেওঁলোকে সেই সুযোগৰ সুবিধা ল’ব নোৱাৰিলে। ফলস্বৰূপে, খেলখন ২-০ ত সমাপ্ত হয়। কিন্তু এই জয়ে তেওঁলোকৰ বাবে কোনো আশাৰ বতৰা নানিলে। কিয়নো আনখন মেচত বিজয়েৰে দক্ষিণ কোৰিয়া ইতিমধ্যে নকআউটত উপনীত হয়।

এই দুখন খেলৰ ফলাফলৰ পৰা পৰ্তুগাল গ্ৰুপৰ শীৰ্ষৰ পৰা কোৱাৰ্টাৰ ফাইনেললৈ গ’ল। আনহাতে, দক্ষিণ কোৰিয়াই দ্বিতীয় দল হিচাপে গ্ৰুপৰ পৰা অন্তিম ষোল্লত উপনীত হৈছে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কোৰিয়াই সম্ভৱতঃ ব্ৰাজিলৰ বিৰুদ্ধে খেলিব লাগিব আৰু পৰ্তুগালে ব্ৰাজিলৰ গ্ৰুপত দ্বিতীয় স্থানত থকা দলটোৰ বিৰুদ্ধে খেলিব লাগিব।