ভাৰতীয় সেনা বিষয়াক সম্বৰ্দ্ধনা জনাব দক্ষিণ কোৰিয়াই
চলিত বৰ্ষত কোৰিয়া যুদ্ধৰ ৭০ সংখ্যক বাৰ্ষিকী উপলক্ষে দক্ষিণ কোৰিয়া চৰকাৰে এগৰাকী ভাৰতীয় সেনা বিষয়া লে:কৰ্ণেল এ জি ৰংগৰাজক যুদ্ধৰ সময়ছোৱাত তেওঁ যোগোৱা বৃহৎ বৰঙণিৰ বাবে ‘কোৰিয়ান ৱাৰ হিৰ’ ফৰ দ্য মান্থ অফ জুলাই ২০২০’হিচাপে সন্মানিত কৰিব।
ৰংগৰাজে ভাৰতীয় সেনাৰ চিকিৎসা শাখাৰ ৬০ পেৰা ফিল্ড এম্বুলেন্সৰ কমাণ্ড চম্ভালিছিল। ইয়াৰ দায়িত্ব আছিল ১৯৫০ চনৰ ২৫জুনৰ পৰা ১৯৫৩চনৰ ২৭জুলাইলৈকে চলা কোৰিয়া যুদ্ধৰ সময়ছোৱাত এক বৃহৎ সংখ্যক সেনাক চিকিৎসা সেৱা আগবঢ়োৱা।
এগৰাকী সাহসী সৈনিক তথা মহা বীৰ চক্ৰৰে সন্মানিত ৰংগৰাজ লগতে হাবিলদাৰ মেজৰ মথুৰা সিঙৰ সৈতে প্ৰথম ভাৰতীয় পেৰাছ্যুট অৱতৰণকাৰী আছিল।
ৰংগৰাজৰ মহান সেৱাক সন্মানিত কৰাৰ এই সিদ্ধান্ত কোৰিয়াৰ পেট্ৰিয়ট এণ্ড ভেটাৰ্ণ এফেয়াৰ্ছ মন্ত্ৰ্যালয়ে যোৱা বছৰ গ্ৰহণ কৰিছিল।
উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত চলা কোৰিয়া যুদ্ধৰ সময়ত এক অংশগ্ৰহণকাৰী হিচাপে ভাৰতে আগবঢ়োৱা উল্লেখযোগ্য সেৱাৰ বাবে দেশখনে কৃতজ্ঞতাৰ চিন স্বৰূপে ৰংগৰাজৰ ফটো যুদ্ধ স্মাৰক তথা দক্ষিণ কোৰিয়াৰ আন ৰাজহুৱা স্থানত ৰখা হ’ব।
কোৰিয়া যুদ্ধৰ সময়ছোৱাত ৰাষ্ট্ৰসংঘই আন দেশসমূহক সহায়ৰ বাবে আহ্বান জনাইছিল। ভাৰতে ভাৰতীয় সেনাৰ চিকিৎসা শাখাৰ ৬০ পেৰা ফিল্ড এম্বুলেন্সক দক্ষিণ কোৰিয়ালৈ প্ৰেৰণ কৰিছিল।