মাৰ্কিন সেনাৰে দক্ষিণ কোৰিয়াৰ সেনাৰ সামৰিক অনুশীলনৰ মাজতে উত্তৰ কোৰিয়াই উৰুৱালে ১৮০ খন যুঁজাৰু বিমান

সোমবাৰৰ পৰা মাৰ্কিন সেনাৰ সৈতে দক্ষিণ কোৰিয়াৰ সেনাৰ ‘ভিজিলেণ্ট ষ্টৰ্ম’ শীৰ্ষক এক যুটীয়া সামৰিক অনুশীলন আৰম্ভ হৈছে। এনে সময়তে উত্তৰ কোৰিয়াই কেইবাটাও মিছাইলৰ পৰীক্ষণ কৰিছে। কেৱল সেয়াই নহয় এতিয়া দক্ষিণ কোৰিয়াক শংকিত কৰি উত্তৰ কোৰিয়াই আকাশত উৰুৱাইছে ১৮০ খন যুদ্ধ বিমান।

আজি উত্তৰ কোৰিয়াৰ প্ৰায় ১৮০ খন যুদ্ধ বিমান উৰু থকা দেখা যায়। ইয়াৰ মাজতে উত্তৰ কোৰিয়াৰ এনে যুদ্ধৰ প্ৰস্তুতি দেখি দক্ষিণ কোৰিয়ায়ো ৮০ খন যুঁজাৰু বিমান সীমান্তলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে প্ৰকাশ কৰা মতে পুৱা ১১ বজাৰ পৰা আবেলি ৩ বজাৰ ভিতৰত কিমৰ সেনাৰ প্ৰায় ১৮০ খন যুঁজাৰু বিমানৰ চলাচল ৰাডাৰত ধৰা পৰিছিল। বিমানবোৰ অত্যন্ত আক্ৰমণাত্মক ভংগীত আছিল।

পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ দক্ষিণ কোৰিয়াও ৮০ খন যুঁজাৰু বিমান প্ৰেৰণ কৰে। দক্ষিণ কোৰিয়াৰ যুদ্ধ বিমানৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰা অত্যাধুনিক এফ-৩৫ ষ্টিল্থ ফাইটাৰ জেটো আছে। কিম জং উনৰ সৈন্যবাহিনীয়ে সাগৰত ২৩ টা মিছাইল নিক্ষেপ কৰিছিল।