যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে যোৱা ১ ডিচেম্বৰ বৃহস্পতিবাৰে ৰাজ্যখনৰ দুই উপ-মুখ্যমন্ত্ৰী ক্ৰমে কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠকলৈ এক বিশেষ তথা লোভনীয় প্ৰস্তাৱ আগবঢ়াইছে।

ভাৰতীয়ৰ পৰা ১০০ কোটি টকা লাভ কৰিবলৈ কয় ‘বিশেষ প্ৰস্তাৱ’ জনতা পাৰ্টি (বিজেপি)।বিধায়ক আনি মুখ্যমন্ত্ৰী হ’বলৈ কৈছে।

উত্তৰ প্ৰদেশৰ ৰামপুৰত এক নিৰ্বাচনী সভাত ভাষণ দি অখিলেশ যাদৱে কয়, “দুজন উপ মুখ্যমন্ত্ৰী আছে। তেওঁলোকে আমাক মাফিয়া আৰু অপৰাধী বুলি আখ্যা দিছে। দুয়োজনে মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ বিচাৰিছে। মই তেওঁলোকক আগতে এটা প্ৰস্তাৱ দিছিলোঁ। ৰামপুৰতো মই সেই একেই প্ৰস্তাৱ দিছো।” 

 

লগতে  পঢ়ক   কোটিপতি ভিক্ষাৰী! নিজে ফুটপাথত বাস কৰে অথচ ঘৰ ভাড়া দি মাহে উপাৰ্জন লক্ষাধিক টকা

এই বুলি কৈ অখিলেশ সিং যাদৱে কয় “আপোনালোকে ১০০ জন বিধায়কক লৈ আহক, আমাৰ ১০০ জন বিধায়ক আপোনালোকৰ বাবে সাজু হৈ আছে। আমি চৰকাৰ গঠন কৰিম আৰু আপোনালোকে মুখ্যমন্ত্ৰী হওক।” অখিলেশ সিং যাদৱে লগতে দুয়োগৰাকী উপ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে ‘মুখ্যমন্ত্ৰী পিছে পিছে আৰু কিমান ঘূৰি থাকিব।’

অখিলেশ যাদৱে আৰু কয় “উপ মুখ্যমন্ত্ৰী হোৱাৰ লাভ কি? যদি আপুনি এজন চিকিৎসা বিষয়াক বদলিও কৰিব নোৱাৰে, তেন্তে উপ মুখ্যমন্ত্ৰী হৈ থকাৰ লাভ কি? আমি এটা অফাৰ দিছো, আমাৰ ১০০ জন বিধায়ক আছে, আমি ৰৈ আছো, আমি মুখ্যমন্ত্ৰী হ’ব নিবিচাৰো।”

উল্লেখ্য, অহা ৫ ডিচেম্বৰত উত্তৰ প্ৰদেশত এটা সংসদীয় সমষ্টিৰ লগতে মইনপুৰী আৰু ৰামপুৰ বিধানসভা সমষ্টিটো উপ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন উপলক্ষ্যে বৃহস্পতিবাৰে ৰামপুৰত নিৰ্বাচন প্ৰচাৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বীগৰাকীয়ে ৰাজ্যখনৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰি এইদৰে আক্ৰমণ কৰে।

 

লগতে  পঢ়ক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ‘লুট গেয়ে’ খ্যাত গায়ক জুবিন; হাস্পাতালত ভৰ্তি

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, ইয়াৰ পূৰ্বে যোৱা ছেপ্টেম্বৰ মাহতো অখিলেশ যাদৱেও এই একেটা প্ৰস্তাৱকে দিছিল। তেতিয়াও অখিলেশ সিং যাদৱে উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই ১০০ গৰাকী বিধায়ক লৈ সমাজবাদী পাৰ্টিৰে মিলি চৰকাৰ গঠন কৰিলে মৌৰ্যকে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিব।

ইফালে, অখিলেশ সিং যাদৱৰ এই মন্তব্যৰ পাছতে টুইটযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এগৰাকী উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই। উপ মুখ্যমন্ত্ৰী মৌৰ্যই কয় যে উপনিৰ্বাচনত দুয়োটা সমষ্টিতে পৰাজয় হোৱাৰ আশংকাত অখিলেশ সিং যাদৱে মানসিক ভাৰসাম্য হেৰুওৱাই পেলাইছে। যাদৱে নিজেও মুখ্যমন্ত্ৰী হ’ব নোৱাৰে আৰু আনকো মুখ্যমন্ত্ৰী পাতিব নোৱাৰে বুলি কটাক্ষ কৰি উপ মুখ্যমন্ত্ৰী মৌৰ্যই।