অৱশেষত থমকিল হ’ল ইটালীৰ জয়ৰ অশ্বমেধ ঘোঁৰা

Spain end Italy’s record unbeaten streak

ক্ৰমাগত ৩৭ খন মেচত মেচত অপৰাজেয়! অবিশ্বাস্য যাদুকৰী প্ৰদৰ্শনেৰে ২০১৮ ৰ বিশ্বকাপ ফুটবলৰ পাছতেই বিজয়ৰ অশ্বমেধ ঘোঁৰা মেলি দিয়া ইটালীয়ে কালি অৱশেষত পৰাজয়ৰ মুখ দেখিলে।

উৱেফা নেচনচ্ লীগৰ ছেমি ফাইনেলত কালি ইটালীক পৰাস্ত কৰিলে স্পেইনে। এই জয়েৰে স্পেইন বিগত ইউৰোৰ ছেমিত ইটালীৰ বিৰুদ্ধে হোৱা পৰাজয়ৰো পোটক তুলিলে।

ইটালীৰ চান চিৰ’ত অনুষ্ঠিত হোৱা খেলখনত যুৱ খেলুৱৈৰে ভৰপূৰ স্পেইনৰ প্ৰদৰ্শন আছিল চমকপ্ৰদ। ইউৰো জয়ী ইটালীক কোনো সুযোগেই নিদিলে স্পেইনে।

খেলখনৰ অধিক সময় বল নিজৰ দখলত ৰখা স্পেইনে ১৭ মিনিটতেই অগ্ৰগতি লাভ কৰে। ডিফেণ্ডাৰ মাৰ্কোচ এলঞ্চোৰ পাছত প্ৰথমটো গল স্ক’ৰ কৰে ষ্টাইকাৰ ফেৰান টৰেচে।

অৱশ্যে খেলৰ ৩৭ মিনিটত সমতা স্থাপনৰ এটা সুন্দৰ সুযোগ নষ্ট কৰে ইটালীয়ে। বাওঁফালৰ পৰা অহা এটা সুন্দৰ পাছত গল দিয়াৰ সুৱৰ্ণ সুযোগ পাইছিল দলৰ তাৰকা খেলুৱৈ ইনচিগনেই। কিন্তু গলৰক্ষকৰ সোঁফালেৰে চতুৰতাৰে বল ঠেলি গলপোষ্টৰ ভিতৰত পঠিয়াবলৈ চেষ্টা কৰোঁতে বল গলপোষ্টৰ বাহিৰেৰে মাৰি পঠায় ইনচিগনেই।

খেলৰ ৪২ মিনিটত বিধিনিষিদ্ধ ভাৱে বিপক্ষৰ অধিনায়ক বাস্কুৱেটছ্ক ফাউল কৰাৰ বাবে দ্বিতীয়টো হালধীয়া কাৰ্ড খাই ফিল্ড এৰিব লগীয়া হয় ইটালীৰ ফুলবেক তথা অধিনায়ক বনুচিয়ে।

ইয়াৰ কিছুসময় পাছতেই ইনজুৰি টাইমত ইটালীৰ ভাগি পৰা ডিফেঞ্চৰ সুবিধা লৈ অয়াৰজাবালৰ পৰা অহা ক্ৰছত দৰ্শনীয় হেডিঙেৰে বল নেটলৈ ঠেলি স্পেইনৰ হৈ আৰু ব্যক্তিগত দ্বিতীয়টো গল দিয়ে টৰেচে।

অৱশ্যে ১০ জন খেলুৱৈৰে অধিক সময় খেলিবলগীয়া হোৱা ইটালীয়েও গল স্ক’ৰৰ বাবে পৰ্যাপ্ত প্ৰচেষ্টা চলায়। পৰিৱৰ্ত খেলুৱৈ হিচাপে ফিল্ডত নমা লৰেঞ্জো পেলেগ্ৰীণীয়ে ৮৩ মিনিটত ইটালীৰ হৈ এটা গল দিয়ে।

অৱশ্যে তাৰ পিছত এটা দলেও গল স্ক’ৰিং কৰিবলৈ সক্ষম নহয় আৰু স্পেইনে ২-১ ব্যৱধানত জয় সাব্যস্ত কৰে আৰু ফাইনেলত প্ৰৱেশ কৰে।

আজিৰ খেলখনত অভিষেক ঘটা ফুটবল বিশ্বৰ নৱতম চাঞ্চল্য ১৭ বছৰীয়া গাভিয়ে স্পেইন জাতীয় দলৰ হৈ অভিষেক ঘটোৱা আটাইতকৈ কম বয়সীয়া ফুটবলাৰ হিচাপে পৰিগণিত হয়।

আজি নেচনচ্ লীগৰ দ্বিতীয়খন ছেমিত বেলজিয়াম আৰু ফ্ৰাঞ্চ অৱতীৰ্ণ হ’ব।