এ পি এছ চি কেলেংকাৰি : তদন্ত সম্পূৰ্ণ কৰিবলৈ ৪৫ দিনৰ সময় বৃদ্ধি ন্যায়ালয়ৰ

550250-apsc

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিৰ গোচৰৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ ৪৫ দিনৰ সময় বিচাৰি তদন্তকাৰী বিষয়াই জনোৱা আবেদন বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিছে। উক্ত গোচৰটোৰ প্ৰতিবেদনৰ লগতে অতিৰিক্ত অভিযোগনামা দাখিল কৰিবলৈ আদালতে গোচৰটোৰ তদন্তকাৰী বিষয়া এছ এছ পানেছাৰৰ আবেদনমৰ্মে এই সময় বৃদ্ধি কৰিছে।

উল্লেখযোগ্য যে পূৰ্বে আদালতে দিয়া সময়সীমা ২৪ ছেপ্টেম্বৰত শেষ হৈছিল। কিন্তু গোচৰটোৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ কিছুদিনৰ প্ৰয়োজন হোৱাত তদন্তকাৰী বিষয়াই আদালতৰ পৰা সময় বিচাৰি আৱেদন জনাইছিল। তদন্ত সম্পূৰ্ণ কৰিবলৈ তদন্তকাৰী বিষয়াই পুনৰ সময় বিচাৰি জনোৱা আৱেদনৰ ভিত্তিত শুকুৰবাৰে আদালতে এই নিৰ্দেশ দিয়ে।

আনহাতে, এ পি এছ চি গোচৰৰ অভিযুক্তৰ জামিনৰ বাবে হোৱা ধনৰ লেনদেনত এজন ন্যায়িক বিষয়া আৰু তেওঁৰ পত্নীৰ নাম সাঙোৰ খোৱাৰ পৰিপ্ৰেক্ষিতত গোচৰটোৰ তদন্ত জটিল অৱস্থাত আহি উপনীত হৈছে। সেয়েহে তদন্তকাৰী বিষয়াই এই সন্দৰ্ভত অতি সন্তৰ্পণে আগবাঢ়িবলগীয়া হৈছে।

ইপিনে, গোচৰটোৰ দুই অভিযুক্ত নিলম্বিত এ চি এছ বিষয়া উৎপল ভূঞা আৰু নিলম্বিত এ পি এছ বিষয়া পল্লৱী শৰ্মাই জামিন বিচাৰি কৰা আৱেদন শুকুৰবাৰে বিশেষ আদালতে নামঞ্জুৰ কৰে।