আজি ইং ০৮/০৮/২৫ তাৰিখে গুৱাহাটী জিলা পুথিভঁৰালত এখন বিশেষ সভা অনুষ্ঠিত হৈ যায় । সাংস্কৃতিক পৰিক্ৰমা আৰু পুথিভঁৰালৰ সঞ্চালক প্ৰশান্ত বৰুৱাই মুখ্য ব্যক্তি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানভাগত “জ্ঞান-গান্ধৈ” নামেৰে এখন প্ৰাচী পত্ৰিকা উন্মোচন কৰে ।
সমীৰণ সপোনে আঁত ধৰা সভাখনত জিলা পুথিভঁৰালৰ গ্ৰন্থাগাৰিক শ্ৰীযুত নৱজ্যোতি ডেকাই উদ্দেশ্য ব্যাখ্যা কৰি কয় যে, ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ অন্তৰ্গত পাঠ্যক্ৰমৰ অনুসৰি চতুৰ্থ ষাণ্মাসিকৰ শিক্ষাৰ্থী সকলৰ এশ নম্বৰৰ মূল্যাংকন অনুসৰি মুঠ বিশ দিনীয়া ইণ্টাণৰ্শ্বিপৰ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰা আৰু পুথিভঁৰালৰ পঢ়ুৱৈ সমাজৰ লেখনিৰে শ্ৰীযুত ববিতা পেগুৰ দ্বাৰা সম্পাদনা কৰা “জ্ঞান-গান্ধৈ” প্ৰাচী পত্ৰিকা খন উন্মোচন কৰা ।
ইয়াৰ উপৰিও সভাত উপস্থিত থাকে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৰ্থনৈতিক বিভাগৰ মুৰব্বী অধ্যাপক, ড০ বেদব্ৰত শইকীয়া, সহযোগী অধ্যাপক, ড০ উন্মিলন কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাহিত্য সম্পাদক তথা শিক্ষয়িত্ৰী অঞ্জু প্ৰভা কলিতা, গ্ৰন্থাগাৰৰ শ্ৰেষ্ঠ পঢ়ুৱৈ সন্মান লাভ কৰা পংকজ শৰ্মা, জনজিৎ গোস্বামী,শিশু পুথিভঁৰালৰ গ্ৰন্থাগাৰিক জাহ্নৱী শইকীয়া ।
জিলা পুথিভঁৰালৰ সহযোগী গ্ৰন্থাগাৰিক হীৰেন কলিতাৰ তত্বাৱধানত গ্ৰন্থগাৰ পৰিচালনা কেনেকৈ কৰে এই বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয় অন্তগত প্ৰায় বহুকেইখন কলেজৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । ইয়াৰে ভিতৰত সন্দিকৈ ছোৱালী মহাবিদ্যালয়,আৰ্য্য মহাবিদ্যালয়,গুৱাহাটী কৰ্মাচ কলেজ,গুৱাহাটী কলেজ,কানৈ কলেজ উল্লেখনীয় । কিতাপৰ অধ্যয়ন কেনেকৈ কৰা উচিত আৰু গ্ৰন্থগাৰৰ বিশাল পৰিসৰৰ বিষয় ওপৰত শিক্ষাৰ্থী সকলৰ সৈতে এক গঠনমূলক আলোচনা আৰু মত-বিনিময় অনুষ্ঠানো হয় ।
উক্ত অনুষ্ঠানত প্ৰশিক্ষিত শিক্ষাৰ্থী সকলক মানপত্ৰ আৰু গ্ৰন্থ টোপোলা প্ৰদান কৰি অনুষ্ঠান ভাগ সামৰণি মৰা হয় ।