• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঝংকাৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াত বিশেষ লোক অধিবক্তা নিয়োগ

ন্যায়ৰ আশাত বন্দী পিতৃয়ে বিচাৰে গোচৰটো নগাঁও অথবা গোলাঘাটলৈ স্থানান্তৰৰ

NE NOW NEWS ৰিতুপল্লৱ শইকীয়া
গোলাঘাট , November 18, 2018 9:52 pm

2 min read

ঝংকাৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াত বিশেষ লোক অধিবক্তা নিয়োগ
263
VIEWS
Share on FacebookShare on Twitter

বিগত কিছুবছৰত অসমত হিংসাত্মক ঘটনা কিছু বৃদ্ধি পাবলৈ ধৰিছে। তেনে এক ঘটনা হ’ল ২০১৩ চনত ডিফু চহৰত সংঘটিত ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ড।

উল্লেখযোগ্য যে ২০১৩ চনতে সংঘটিত ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হ’ল যদিও বৰ্তমানলৈকে ঝংকাৰৰ পিতৃ-মাতৃয়ে ন্যায় লাভ কৰিবলৈ সক্ষম হোৱা নাই।

প্ৰাপ্ত তথ্য অনুসৰি ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডৰ গোচৰটো দ্ৰুত নিষ্পত্তিৰ বাবে ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক বিশেষ অধিসূচনাযোগে গোলাঘাটৰ বিশিষ্ট অধিবক্তা দুৰ্গা প্ৰসাদ জয়ছৱালক  উক্ত গোচৰৰ বিশেষ লোক অধিবক্তা হিচাবে নিয়োগ কৰিছে।

চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা বিচাৰ প্ৰক্ৰিয়া চলি থকা গোচৰটোত অহা ২০ নৱেম্বৰত নৱনিযুক্ত বিশেষ লোক অধিবক্তা গৰাকী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে  পাঁচবছৰৰ পূৰ্বে মাত্ৰ ৩০ টকা অট’ৰিক্সা ভাড়াৰ বাবে ডিফু চহৰৰ মাজমজিয়াত আৰক্ষীৰ সন্মুখতে ঝংকাৰ আৰু তেওঁৰ পিতৃক গণ প্ৰহাৰ কৰাৰ ফলত দুয়োজন গুৰুতৰভাৱে আহত হৈছিল। পিছত সংকটজনক অৱস্থাত ঝংকাৰক চিকিৎসালয়ত ভর্তি কৰা হয় যদিও ১ জুলাইত ঝংকাৰৰ মৃত্যু হয়।

সেইসময়তে উক্ত ঘটনা সংক্ৰান্তত ডিফু আৰক্ষী থানাত ৯৫/১৩ ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৩২৫/৩০২/৩০৭ /১০৯/১৪৭/১৪৮/১৪৯/৩৩৭/৩৩৮/৩৪ধাৰাত এক গোচৰ ৰুজু কৰা হৈছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে এজন হাবিলদাৰ আৰু এজন এ এছ আইসহ ১৬ লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।

আনহাতে এই গোচৰটোত ১৩৯ জন সাক্ষী আছে। কিন্তু এক বৃহৎ পৰিমাণৰ সাক্ষী-বাদী থকাৰ পিছতো ঝংকাৰৰ পিতৃ তথা বৰ্তমান তিতাবৰ সদৰ  মহকুমা আদালতৰ অধিবক্তা হৰেন চন্দ্ৰ শইকীয়াই ডিফু আদালতত প্ৰকৃত ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে।

তাৰোপৰি ডিফুত সাক্ষ্যদান কৰিবলৈ যোৱাটোৱে এক ভয়ংকৰ কথা বুলি মন্তব্য কৰি অধিবক্তাগৰাকীয়ে পুত্ৰহত্যাৰ ন্যায় লাভৰ বাবে যিকোনো প্ৰকাৰে গোচৰটো নগাঁও অথবা গোলাঘাটলৈ স্থানান্তৰৰ অতি প্ৰয়োজন বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে তেওঁ এই সংক্ৰান্তত ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰি থৈছে আৰু গোচৰটোৰ এনে এক কঠিন সন্ধিক্ষনত চৰকাৰৰ তৰফৰ পৰা বিশেষ লোক অধিবক্তাৰ নিযুক্তিক আদৰণি জনাইছে।

ইফালে উক্ত গোচৰৰ বিশেষ দায়িত্ব লাভ কৰি অধিবক্তা দুৰ্গা প্ৰসাদ জয়ছোৱালে এয়া অতিশয় দায়িত্বশীল কাম বুলি উল্লেখ কৰি ঝংকাৰৰ ন্যায়ৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব বুলি  মন্তব্য কৰিছে।

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd