বগীবিল দলঙেৰে প্ৰথমবাৰলৈ বিশেষ ৰাজধানী এক্সপ্ৰেছ ৰে’লৰ চলাচল

ঐতিহাসিক অসম চুক্তিৰ আধাৰত নিৰ্মিত বগীবিল দলেঙেৰে আজি প্ৰথমবাৰলৈ বিশেষ ৰাজধানী এক্সপ্ৰেছ ৰে’লৰ চলাচলে অসম তথা উত্তৰ-পূব সংযোগী দেশৰ ৰে’ল যোগাযোগ ব্যৱস্থাক বিশেষ মাত্ৰা প্ৰদান কৰে।

ইয়াৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীযুষ গোৱেলক ধন্যবাদ জনাই মুখ্য মন্ত্ৰীয়ে কয় যে স্বৰাজোত্তৰ সাতটা দশক ধৰি অৱহেলিত হৈ থকা ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ ৰে’ল যোগাযোগৰ ক্ষেত্ৰত এই পদক্ষেপে এটা নতুন মাত্ৰা সংযোজন কৰাৰ লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক ৰূপান্তৰৰ ক্ষেত্ৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে, বিশেষ ৰাজধানী এক্সপ্ৰেছৰ চলাচলে অসমৰ ওচৰ-চুবুৰীয়া ৰাজ্য অৰুণাচলৰ যোগাযোগ তথা অৰ্থনৈতিক ক্ষেত্ৰখনতো অৰিহণা যোগাবলৈ সক্ষম হ’ব।

আনহাতে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে অসম তথা উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে বুলিও সোণোৱালে লগতে কয়।

উল্লেখযোগ্য যে, সপ্তাহত দুদিনকৈ চলিবলগীয়া উত্তৰ অসম সংযোগী এই অত্যাধুনিক ৰে’ল সেৱাই যাত্ৰীসকলক যথেষ্ট পৰিমাণে উপকৃত কৰিব।