• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিলাহীৰ লীলা! অখিলেশ যাদৱৰ টিপ্পনী: ‘স্পেচিয়েল টাস্ক ফৰ্চ’ৰ নাম হ’ব লাগে ‘স্পেচিয়েল টমেটো ফৰ্চ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2023 3:06 pm
Tomato price
1.2k
VIEWS
Share on FacebookShare on Twitter

দেশৰ বজাৰত সৌসিদিনালৈ প্ৰায় মূল্যহীন বিলাহী এতিয়া মূল্যৱান দ্ৰব্য। বিলাহীয়ে এতিয়া দখল কৰিছে সংবাদ শিৰোনাম। চৰ্চা চলিছে ৰাজনৈতিক মহলতো; বিলাহী হৈ পৰিছে শাসকীয় চৰকাৰক কটাক্ষ কৰাৰ বিৰোধীৰ নতুন হাথিয়াৰ।

মুহূৰ্ততে বৃদ্ধি পোৱা দৰৰ ফলতেই এইদৰে চৰ্চাৰ আধাৰ হৈ পৰিছে বিলাহী। বিলাহী সম্পৰ্কীয় নানা উদ্ভট কাণ্ডও সম্প্ৰতি আহিছে পোহৰলৈ। ক’ৰবাত যদি বিলাহী চুৰি হৈছে, আন ক’ৰবাত আকৌ বিলাহী পহৰা দিবলৈ বাউন্সাৰো নিয়োগ কৰা হৈছে।

বিলাহীৰ বাবেই আকৌ সংসাৰ ভঙাৰ খবৰো পোহৰলৈ আহিছে। মুঠতে এতিয়া বিলাহী হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। এইবাৰ বিলাহীক লৈয়ে এক টিপ্পনী এৰিছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে।

যাদৱে বিলাহী কেন্দ্ৰিক এক বিশেষ ঘটনাৰ বাবেই উত্তৰ প্ৰদেশ আৰক্ষীৰ ‘স্পেচিয়েল টাস্ক ফৰ্চ’ৰ নাম সলনিৰ পৰামৰ্শ আগবঢ়াইছে। যাদৱৰ মতে, ‘স্পেচিয়েল টাস্ক ফৰ্চ’ৰ নাম সলনি কৰি ‘স্পেচিয়েল টমেটো ফৰ্চ’ নামেৰে নতুনকৈ নামাকৰণ কৰিব লাগে।

বিৰোধী নেতাগৰাকীয়ে কিয় আগবঢ়াইছে এই প্ৰস্তাৱ? শেহতীয়াকৈ ৰাজ্যখনৰ ফাতেহপুৰ জিলাৰ এখন বজাৰ এলেকাত দুখন দোকানৰ পৰা মুঠ ২৬ কেজি বিলাহী চুৰি হৈছিল। চোৰে লগতে চুৰি কৰিছিল ২৫ কেজি মৰিচা, ৮ কেজি আদা।

এই গোচৰৰ সৈতে জড়িত দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। আৰক্ষীৰ তথ্য অনুসৰি, যোৱা ১০ জুলাইত সংঘটিত হয় এই ঘটনা।

দোকান দুখনৰ স্বত্বাধিকাৰীয়ে নিশা দোকান সামৰি ঘৰলৈ যোৱালৈকে সকলো ঠিকেই আছিল। কিন্তু পিছদিনা ৰাতিপুৱা যেতিয়া তেওঁলোকে দোকান খুলিলে, তেতিয়া তেওঁলোকে দোকানৰ পৰা বৃহৎ পৰিমাণৰ বিলাহী, আদা, মৰিচা নোহোৱা হৈছে বুলি জানিব পাৰে।

বৃহস্পতিবাৰে দুয়ো দোকানীয়ে আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছত কামতা প্ৰসাদ আৰু মহম্মদ ইছলাম নামৰ দুগৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাৰ অধীনত দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰে।

এই চুৰিকাণ্ডক লৈয়ে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে উত্তৰ প্ৰদেশ আৰক্ষীক কটাক্ষ কৰি ‘স্পেচিয়েল টাস্ক ফৰ্চ’ৰ নাম ‘সলনি কৰি ‘স্পেচিয়েল টমেটো ফৰ্চ’ কৰাৰ পৰামৰ্শ দিয়ে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd