ৰাজ্যৰ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণত আৰক্ষীৰো কৰণীয় আছে। বন্যপ্ৰাণী অপৰাধ আৰু ব্যৱসাৰ লগতে অস্ত্ৰৰ চোৰাং ব্যৱসায়ে দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। সেয়েহে আৰক্ষীসকলক এইক্ষেত্ৰত সজাগ কৰি তোলাৰ উদ্দেশ্যে দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত দেৰগাওঁৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত আজি এক বিশেষ কৰ্মশালা অনুষ্ঠিত হয়।
১৫০ গৰাকী আৰক্ষী জোৱানৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই কৰ্মশালাত মহাবিদ্যালয় খনৰ অধ্যক্ষ জিতমল দলে, আৰণ্যকৰ সচিৱ তথা এচিয়ান ৰাইনো স্পিচিয়েলিষ্ট গ্ৰুপৰ সভাপতি ড৹ বিভৱ কুমাৰ তালুকদাৰ, ইন্টাৰনেশ্যনেল ৰাইনো ফাউণ্ডেশ্যনৰ ৰাহুল দত্ত, আৰণ্যকৰ আইনী উপদেষ্টা কোষৰ প্ৰৱন্ধক মানস কুমাৰ ভট্টচাৰ্য আৰু মেডিয়া কোষৰ বিজয় শংকৰ বৰাই অংশগ্ৰহণ কৰে।
আৰণ্যকৰ আইনী উপদেষ্টা শাখাৰ উদ্যোগত আয়োজিত এই বিশেষ কৰ্মশালাত অংশগ্ৰহণ কৰি আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ জিতমল দলে কয় যে, প্ৰকৃতি সংৰক্ষণ কৰাতো আমাৰ পৰম্পৰা আছিল। বন্যপ্ৰাণী আৰু এই বোৰৰ আৱাস সংৰক্ষণৰ বাবে আমি পুৰণি পৰম্পৰাবোৰ পালন কৰিব লাগে।
আনহাতে, আৰণ্যকৰ সচিৱ প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰে দিয়া সচিত্ৰ উপস্থাপনত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ গোলকীয় আৰু স্থানীয় পটভূমিৰ বিশ্লেষণ কৰি বন্যপ্ৰাণী অপৰাধে দেশৰ নিৰাপত্তাৰ প্ৰতিও যে ভাবুকি আনিব পাৰে সেই বিষয়ে বিশ্লেষণ আগবঢ়ায়।
গঁড় হত্যাৰ বিভিন্ন কাৰণ বিশ্লেষণৰ লগতে গঁড়ৰ খৰ্গৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰৰ ওপৰতো ড৹ বিভৱ কুমাৰ তালুকদাৰে বাখ্যা দাঙি ধৰে।
ইন্টাৰনেচনেল ৰাইনো ফাউণ্ডেশ্যনৰ সমন্বয়ক ৰাহুল দত্তই অসমৰ গঁড় হত্যাৰ সৈতে উগ্ৰপন্থী জড়িত থকাৰ সচিত্ৰ উপস্থাপনেৰে গঁড় হত্যা প্ৰতিৰোধৰ বাবে আৰক্ষীৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত বাখ্যা আগবঢ়ায় ৷