NORTHEAST NOW (Assamese)

সংসদত আজি পুনৰ চমক দিবলৈ সাজু বিজেপি; উত্থাপন হ’ব য়ুনিফর্ম চিভিল কোড!

February 11, 2020 8:42 am · এন ই নাও নিউজ

আজি সকলোৰে দৃষ্টি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত নিৱদ্ধ হৈ থকাৰ সময়তে কেন্দ্ৰৰ বিজেপি চৰকাৰে সংসদত এক চমক দিবলৈ আগবাঢ়িছে।

সংসদৰ বাজেট অধিৱেশনৰ কামকাজ ক্ষিপ্ৰ কৰি তুলি কেন্দ্ৰীয় চৰকাৰে নতুন চমক দিবলৈ সাজু হৈছে।

সোমবাৰে দুপৰ বিজেপিয়ে লোকসভা আৰু ৰাজ্যসভাৰ দলৰ সাংসদসকলক হুইপ জাৰি কৰে।

হুইপ জাৰি কৰাৰ পাছতে ছচিয়েল মিডিয়াত ইয়াৰ সৰৱ চৰ্চা আৰম্ভ হৈ পৰে।

টুইটাৰত বহুতেই য়ুনিফৰ্ম চিভিল কোডৰ লগতে দিল্লীৰ ফলাফলক লৈ ব্যাপক চৰ্চা চলে।

বাজেট অধিৱেশনৰ প্ৰথম ভাগৰ আজি অন্তিম দিন আৰু আজিয়েই দুয়োখন সদনতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেট বিতৰ্কৰ উত্তৰ দিব।

এনেকুৱা সময়তে বিজেপিয়ে দুয়োখন সদনৰ নিজৰ দলৰ সদস্যসকলক উপস্থিত থকাৰ বাবে হুইপ জাৰি কৰে আৰু চৰকাৰক সমৰ্থন দিয়াৰ বাবে নিৰ্দেশ দিয়ে।

উল্লেখ্য যে এইবাৰ বাজেট সমাপ্ত হোৱাৰ পূৰ্বে চৰকাৰে সংসদত ‘মানী বিল’ উত্থাপন কৰিব। টেক্সৰ সৈতে জড়িত বিবাদৰ নিষ্পত্তিৰ বিধেয়ক সংসদত গৃহীত কৰোৱা হ’ব। ইয়াৰ বাবেও হুইপ জাৰি কৰা হ’ব।

দুপৰ নিশআ বিজেপিয়ে হুইপ জাৰি কৰাৰ কথা পোহৰলৈ অহাৰ পাছতে টুইটাৰত বিভিন্নজনে সক্ৰিয় হৈ পৰে আৰু বিভিন্ন ধৰণৰ অনুমান সদৰী কৰে।

দৰাচলতে, ইয়াৰ পূৰ্বে যেতিয়াই বিজেপিয়ে এনেধৰণে নিজৰ সাংসদৰ ওপৰত হুইপ জাৰি কৰিছে তেতিয়া কিবা ডাঙৰ সিদ্ধান্তৰ বাবে আগবাঢ়ে।

সেয়া লাগিলে জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰেই হওক বা ৰাম মন্দিৰৰ বাবে ট্ৰাষ্টৰ নামৰ ঘোষণাই হওক। তদুপৰি, নাগৰিকত্ব সংশোধনী আইনৰ সময়তো এনেকুৱাই হৈছিল।

Related News