দ্ৰুতবেগী গাড়ীৰ খুন্দাত নিহত ৩ মহিলা পথচাৰী, কনিষ্টবল আহত ||তিনিচুকীয়া

Body deadbody Speeding vehicle knocks down three in Tinsukia

প্ৰতিনিধিত্বমূলক ফটো

অসমত শেহতীয়া কেইবাটাও পথ দুৰ্ঘটনাৰ শোক মাৰ নৌযাওঁতেই তিনিচুকীয়া চহৰৰ পথত গৈ থকা তিনিগৰাকী মহিলাক শনিবাৰে এখন দ্ৰুতবেগী বাহনে খুন্দিয়াই মাৰিছে।

প্ৰাণ হেৰুওৱা মহিলাকেইগৰাকীক ৰীতা গোহাঁই, নিৰ্মালী বৰুৱা আৰু প্ৰিয়া গোহাঁই বুলি চিনাক্ত কৰা হৈছে।

ঘটনাটোত এজন আৰক্ষী কনিষ্টবলকে ধৰি আন কেইজনমান লোকো আহত হৈছে।

দুৰ্ঘটনা সংঘটিত কৰা গাড়ীৰ চালক গৌৰৱ দে’-ও প্ৰচণ্ড ৰাজহুৱা মাৰত গুৰুতৰভাৱে জখম হৈছে।

আহতসকলক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিতেলত ভৰ্তি কৰোৱা হৈছে।

তিনিচুকীয়া চহৰৰ ৰঙাগড়া পথত শনিবাৰে পুৱা দুৰ্ঘটনাটো সংঘটিত হৈছে।

“বৰগুৰিৰ দিশৰ পৰা থানা চাৰিআলি দিশে আগবঢ়া দ্ৰুতবেগী ইন’ভাখনে দুৰ্গাবাৰী হলৰ ওচৰত পথচাৰীসকলক মহতিয়াই নিয়ে,” জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই জনায়।

ঘটনাৰ বিৱৰণী মতে, অতি কোবেৰে অহা দে’-চালিত ইন’ভা গাড়ী (AS03H 2223)খনে নিয়ন্ত্ৰণ হেৰুৱাই পথত গৈ থকা মহিলাকেইগৰাকীক মহতিয়াই নিয়ে।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীৰ পৰা আঁতৰিবলৈ চেষ্টা কৰা গাড়ীখন ৰখাবলৈ চেষ্টা কৰা কনিষ্টবলজনৰ লগতে আন কিছু লোকো আহত হয়।

গৌৰৱ দে’ বুলি চিনাক্ত কৰা চালকজনে গাড়ীখন ৰখাব খোজা এজন ত্ৰেফিক কনিষ্টবলকো খুন্দিয়ায়। পিছত উপস্থিত লোকসকলে চালকজনক ধৰি উধাই-মূধাই মাৰ শোধায়। আৰক্ষীৰ দল গৈ পিছত তেওঁক উদ্ধাৰ কৰে,” চেতিয়াই কয়।