NORTHEAST NOW (Assamese)

লোভৰ প্ৰতিফল! বিমানৰ ককপিটৰ ভিতৰত কফি-মিঠাই খাই নিলম্বিত দুই পাইলট

March 16, 2023 5:08 pm · এন ই নাও নিউজ, গুৱাহাটী

লোভ পূৰণৰ তাগিদাত নিয়ম ভংগ কৰি ৰোষত পৰিছে বিমান পৰিবহণ কোম্পানী স্পাইচজেটৰ দুগৰাকী পাইলট। বিমান যাত্ৰাৰ সময়ত মাজ আকাশত বিমানৰ ককপিটৰ ভিতৰতে কফি আৰু মিঠাই খোৱাৰ অভিযোগত অস্থায়ী নিলম্বনৰ সন্মুখীন হৈছে পাইলট দুগৰাকী।

চলিত সপ্তাহৰ আৰম্ভণিতে স্পাইচজেট বিমানৰ কন্ট্ৰল পেনেলত মুকলিকৈ ৰখা কফি কাপ আৰু মিঠাইৰ ফটো ভাইৰেল হোৱাৰ পিছতে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে স্পাইচজেটে। প্ৰকাশিত খবৰ অনুসৰি ফটোখন তোলাৰ সময়ত বিমানখন ৩৭ হাজাৰ ফুট উচ্চতাত আছিল।

এক বিবৃতিত স্পাইচজেটে এই ঘটনাৰ তদন্ত চলাই থকা হৈছে আৰু ছবিখন তোলাৰ অভিযোগত পাইলট দুগৰাকীক অস্থায়ীভাৱে নিলম্বিত কৰা হৈছে বুলি সদৰী কৰে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি লগতে উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, ভাৰতীয় বিমান পৰিবহণৰ নিয়ম অনুসৰি পাইলট আৰু ক্ৰু ককপিটৰ ভিতৰত খাদ্য আৰু পানীয় সামগ্ৰী থাকিব পাৰে যদিও কঠোৰ নিৰ্দেশনাৰ অধীনতহে সেয়া সম্ভৱ। পানীয়ৰ ক্ষেত্ৰত যাতে ছিটিক পৰিব নোৱাৰে, তাৰ বাবে সকলো কাপৰে ঢাকনি থাকিব লাগে আৰু ট্ৰেত ৰাখিব লাগে।

শেহতীয়া এই ঘটনা ৮ মাৰ্চত দিল্লীৰ পৰা গুৱাহাটীলৈ ৰাওনা হোৱা এখন বিমানত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ভাইৰেল হৈ পৰা ফটোখনত বিমানখনৰ এটা ষ্টাৰ্ট লিভাৰত বিমান সংস্থাটোৰ ল’গ’ থকা এটা অনাবৃত কফি কাপ আৰু পাইলট দুগৰাকীয়ে হাতেৰে ধৰি থকাৰ মিঠাইৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল।

এই ফটোখন ভাইৰেল হৈ পৰাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু পাইলট দুগৰাকী এনে অসাৱধান আচৰণৰ বাবে কঠোৰ সমালোচনাৰ সন্মুখীন হয়। টুইটাৰত এই ছবিখন প্ৰথমে শ্বেয়াৰ কৰে বিমান বিশেষজ্ঞ মোহন ৰংগনাথনে। তেওঁ পাইলট দুগৰাকীৰ এই কাৰ্যক অপৰাধমূলক বুলি নিন্দা কৰে।

 

মঙলবাৰে ভাৰতৰ বিমান নিয়ন্ত্ৰক অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এই ফটোখন প্ৰত্যক্ষ কৰি স্পাইচজেটক ক্ৰু সদস্যসকলক তৎক্ষণাত চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। সঞ্চালকালয়ৰ নিৰ্দেশৰ পিছতে স্পাইচজেটে তাৎক্ষণিক ব্যৱস্থা হিচাপে পাইলট দুগৰাকীক অস্থায়ী নিলম্বন কৰে।

Related News