বিকৃত মানসিকতা বাঢ়িছে সমাজত? কলেজীয়া ছাত্ৰীৰ গাত পিক পেলোৱাৰ প্ৰতিযোগিতা বাইকাৰৰ

বৰপেটা জিলাৰ পাঠশালাত এটা নতুন আৰু আচহুৱা আতংকই ত্ৰাসিত কৰিছে ইয়াৰ কলেজীয়া ছাত্ৰীসকলক। এই নতুন ত্ৰাসৰ বাবে সন্ধিয়াৰ সময়ত ছাত্ৰীসকলে সীমাবদ্ধ কৰিব লগীয়া হৈছে তেওঁলোকৰ বজাৰ-সমাৰ বা ফুৰা-চকাৰ নৈমিত্তিক কামকাজ।

যোৱা প্ৰায় এমাহৰ ভিতৰত কেইবাগৰাকী ছাত্ৰীৰ গাত সন্ধিয়াৰ চিকিমিকি পোহৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই পিক পেলাই থৈ বাইকেৰে দ্ৰুততাৰে আঁতৰি গৈছে।

একে ধৰণৰ কেইবাটাও ঘটনা ঘটাৰ পিছত আজি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আছু গোটে পাঠশালা সদৰ আৰক্ষী থানাত লিখিতভাৱে জনায়। ভুক্তভোগী কেইবাগৰাকী ছাত্ৰী এইখন শিক্ষা প্ৰতিষ্ঠানৰ।

কেইবাগৰাকী ছাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত তেওঁলোক বলি হোৱা পৰিস্থিতিৰ বিষয়ে বিৱৰণ দাঙি ধৰি কয় যে তেওঁলোক, বিশেষকৈ সন্ধিয়াৰ ভাগত, ৰাস্তাৰে গৈ থকা সময়তে দুই-তিনিজন যুৱক বাইকেৰে কাষেৰে পাৰ হৈ যাওঁতে গাত পিকাই থৈ যায়।

পোহৰ কম হোৱা বাবে বাইকাৰসকলক চিনি পোৱাত বা বাইকৰ নম্বৰ চিনাক্ত কৰাত অসুবিধা বুলি জনালে ছাত্ৰীকেইগৰাকীয়ে।

এগৰাকী ছাত্ৰীয়ে জনোৱা মতে, তেওঁৰ ক্ষেত্ৰত হোৱা ঘটনাটো অজানিতে বা ভুলক্ৰমে হোৱা বুলি ভাবিছিল। কিন্তু দুদিনমান পিছত একে ধৰণৰ ঘটনা একাধিক পোহৰলৈ অহাত এয়া পৰিকল্পিত বুলি গম পায়।

ভুক্তভোগী দুগৰাকী ছাত্ৰীৰ মতে, তেওঁলোকক পিক মৰাজন অকলে বাইকত আহিছিল।

তৃতীয় এগৰাকীক পিক মাৰে একেলগে অহা দুই-তিনিজন যুৱকে। সেই সময়ত চাৰিগৰাকী ছোৱালী আছিল দলটোত। ঘটনাটো আছিল ১৯ জুলাইৰ।

চতুৰ্থ এগৰাকী ভুক্তভোগীৰ মতে, তেওঁৰ ক্ষেত্ৰত একেই ঘটনা হৈছিল ৬ আগষ্টত। মাকৰ সৈতে বজাৰৰ পৰা ঘূৰি আহোতে। তেওঁক পিকোৱা ব্যক্তিজন বাইকত অকলে আহিছিল।

প্ৰায়কেইটা ঘটনা জ্যোতি নগৰ অঞ্চলত। বিকৃত মানসিকতাৰ প্ৰকাশ বুলিব পৰা এই ঘটনাত অঞ্চলটোৰ ছাত্ৰীসকল আতংকিত হোৱাৰ লগতে স্থানীয় সচেতন লোকৰ তীব্ৰ ক্ষোভৰ উদগিৰণ হৈছে।

ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ফেইচবুকত একাধিক পোষ্ট দেখা গৈছে।