এছপিঅ’ৰ স্থায়ী সংস্থাপন, শ্বহীদৰ মৰ্য্যাদাৰ দাবীত আন্দোলনৰ হুংকাৰ

SPOs demand permanent employment

এছপিঅ’সকলৰ স্থায়ী সংস্থাপন আৰু উগ্ৰপন্থীৰ গুলিত মৃত্যুবৰন কৰা শ্বহীদ সকলৰ মৰ্যদা বিচাৰি সদৌ অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিৰ আন্দোলনৰ হুংকাৰ।

অতি শীঘ্ৰে  ৰাজ্য চৰকাৰে দাৱী সমূহ পুৰন নকৰিলে ৰাজ্যৰ প্ৰতিটো অঞ্চলত ৰাজনৈতিক ব্যক্তিৰ প্ৰবেশত বাধা দিব ৭০০ সদৌ অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিৰ জোৱান সকলে।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য  সদৌ অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিৰ সম্পাদক প্ৰহ্লাদ দাসৰ।

সংবাদ মেলত দাসে কয় ‘আমাৰ যিসকল শ্বহীদ হৈছে শ্বহীদৰ মূল্য পাব লাগে। আমাক স্থায়ী সংস্থাপন দিব লাগে। অতিশীঘ্ৰে যদি স্থায়ী সংস্থাপন নিদিয়ে আমি গোটেই অসম জুৰি আন্দোলনৰ সৃষ্টি কৰিম। অসমৰ প্ৰতিখন জিলাত,প্ৰতিখন গাওঁত, প্ৰতিটো সমষ্টিত আমি ৰাজনৈতিক ব্যক্তিক বাধা দিম’।

যিকোনো সময়ত, যিকোনো ঠাইত, যিকোনো মুহুৰ্তত আমি বাধা দিম তাৰ বাবে কোনেও ৰক্ষা কৰিব নোৱাৰে বুলি উল্লেখ কৰি দাসে কয় ‘আমি এনে পৰিস্থিতি নিবিচাৰো আমি শান্তি শৃংখলাৰে সকলো হৈ যোৱাটো বিচাৰো। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কাতৰ অনুৰোধ যাতে আমাক স্থায়ী সংস্থাপন দিয়ে’।

কংগ্ৰেছ তথা বিজেপি দুয়োখন চৰকাৰে প্ৰতাৰনা কৰা বুলি উল্লেখ কৰি দাসে কয় ‘২০১২ চনত স্থায়ী সংস্থাপনৰ বাবে আৰম্ভ কৰা 3rd AISF বেটেলিয়নৰ কাম ২০১৮ চনৰ ডিচেম্বৰ মাহত বন্ধ কৰে। দুয়োখন চৰকাৰে আমাক প্ৰতাৰনা কৰিলে। 3rd AISFৰ কাৰনে চুক্তি স্বাক্ষৰ কৰা IAS বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী আৰু IPS বিষয়া অজিত প্ৰসাদ ৰাওৰ চুক্তি পত্ৰ অসাৰ হ’ল’।

শ্বহীদৰ পৰিয়াল যিসকলে বগা সাজ পিন্ধি সমাজত বহু কষ্টৰে জীৱন অতিবাহিত কৰিছে তেওঁলোকক স্থায়ী সংস্থাপন অথবা জীয়াই থকাৰ জীবিকা এটা দিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাই দাসে।