পুনৰ কোকৰাঝাৰত যুৱতীক স্প্ৰে’ আক্ৰমণ, চিকিৎসাধীন

Spray attack on girl continues in Kokrajhar

চিকিৎসাধীন যুৱতীগৰাকী। ছবি- নৰ্থইষ্ট নাও।

কোকৰাঝাৰত সংজ্ঞাহৰণকাৰী “স্প্ৰে’ নিক্ষেপ”ৰ ঘটনা অব্যাহত আছে, শনিবাৰে সন্ধিয়া আক্ৰমণৰ বলি হোৱা এগৰাকী যুৱতীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ২২ বছৰীয়া যুৱতীগৰাকী বৰ্তমান সুস্থিৰ অৱস্থালৈ আহিছে বুলি জানিব পৰা গৈছে।

যুৱতীগৰাকীৰ ঘৰ আৰু ঘটনাস্থলী কোকৰাঝাৰৰ বিচমুৰি আৰক্ষী চকীৰ অন্তৰ্গত চেমচিংখেলা খনাপাৰা গাঁৱত।

ঘটনাৰ বিৱৰণমতে, শনিবাৰে সন্ধিয়া ৮.৩০ বজাত ঘৰৰ কাষত থকা কুঁৱাৰ পৰা পানী আনিবলৈ যাওঁতে যুৱতীগৰাকী অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয়।

যুৱতীগৰাকীৰ ভাষ্যমতে, কুঁৱাৰ পানী তুলি থাকোতে মূৰ আৰু ডিঙিত কিবা এক স্প্ৰে’ পৰাৰ দৰে তেওঁ অনুভৱ কৰিছিল।

আৰু কেইছেকেণ্ডমানৰ পিছতে তেওঁ মূৰ ঘূৰোৱা আৰু জথৰ হৈ পৰা যেন অনুভৱ কৰিছিল।

পৰিয়ালৰ লোকে ৰাতিয়ে যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

যোৱা ১৫দিনত অঞ্চলটোত যুৱতীক স্প্ৰে’ নিক্ষেপ কৰাৰ এইটো তৃতীয়টো ঘটনা।

যোৱা ২৮ ছেপ্তেম্বৰত জিলাখনৰ সোণাপুৰ আৰু ধৰমতল নামৰ দুখন পৃথক গাঁৱত ১৫ মিনিটৰ ব্যৱধানত দুটা স্প্ৰে’ নিক্ষেপৰ ঘটনা সংঘটিত হৈছিল।

সদৃশ ঘটনা দুটাত ঘৰৰ ভিতৰত পঢ়ি থকা দুই নাবালিকাক খিৰিকীৰে স্প্ৰে’ নিক্ষেপ কৰা হৈছিল। দুয়োগৰাকীকে ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়তে চিকিৎসা কৰোৱা হৈছিল।

ঘটনাটোক লৈ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই তীব্ৰ ক্ষোভো প্ৰকাশ কৰিছিল।

ঘটনা সন্দৰ্ভত এতিয়ালৈকে অসম আৰক্ষী বা কোকৰাঝাৰ আৰক্ষীয়ে কোনো বিবৃতি জাৰি কৰা বুলি জানিব পৰা নাই।

২৮ ছেপ্তেম্বৰৰ ঘটনাস্থলীত জিলাখনৰ উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জি ৰাণী শৰ্মা উপস্থিত হৈছিল।

আন্ধাৰৰ সুযোগ লৈ দুষ্কৃতিকাৰী পলাই গৈছিল যদিও ঘটনাস্থলীত এৰি যোৱা এখন স্কুটি (নং AS-16B/6601) আৰক্ষীয়ে জব্দ কৰিছিল।

ঘটনাটো সন্দৰ্ভত জিলাখনৰ পাটগাওঁ অঞ্চলৰ মুকেশ ৰয়, নেহৰু বৰুৱা আৰু হৰেন বৰুৱা নামৰ তিনিজন লোকক আৰক্ষীয়ে আটক কৰিছিল।