অসমত ক্ৰামাগতভাৱে বৰ্দ্ধিত অপৰাধৰ ঘটনাই সোণোৱাল চৰকাৰক সংকটত পেলাইছে

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বিগত তিনিটা বৰ্ষত অসমত ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা অপৰাধৰ ঘটনাই ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত আইন-শৃংখলাজনিত পৰিস্থিতি উন্নত হোৱা বুলি কৰি অহা দাবীৰ ক্ষেত্ৰত প্ৰশ্নবোধৰ সৃষ্টি কৰিছে।

শেহতীয়াভাৱে প্ৰকাশিত ৰাষ্ট্ৰীয় ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদন অনুসৰি ২০১৯ বৰ্ষত অসমত মুঠ ১,২৩,৫১২ টা হিংসাত্মক অপৰাধ সংঘটিত হৈছে।

অসমত ২০১৭ বৰ্ষত ১,০৪,৩২৪ টা অপৰাধ, ২০১৮ বৰ্ষত ১,১২,২৩৩ টা অপৰাধ সংঘটিত হোৱাৰ তথ্য প্ৰকাশিত হৈছে ৰাষ্ট্ৰীয় ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদনত।

অসমৰ তুলনাত উত্তৰ-পূবৰ অন্যৰাজ্যত যথেষ্ট কম অপৰাধ সংঘটিত হৈছে।

২০১৯ বৰ্ষত অৰুণাচল প্ৰদেশত ২,৫৯০ টা অপৰাধ, মণিপুৰত ২,৮৩০ টা অপৰাধ, মেঘালয়ত ৩,১২৫ টা অপৰাধ, মিজোৰামত ২,১৩৯ টা অপৰাধ, নাগালেণ্ডত ১,১১৭ টা অপৰাধ আৰু ত্ৰিপুৰাত ৫,৩৩৬ টা অপৰাধ সংঘটিত হৈছে।

২০১৯ বৰ্ষত ৰাষ্ট্ৰীয় স্তৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২,২৫,৭০১ টা অপৰাধ, বিশেষ আৰু স্থানীয় আইনৰ ১৯,৩০,৪৭১ টা অপৰাধকে ধৰি মুঠ ৫১,৫৬,১৭২ টা প্ৰত্যক্ষ অপৰাধ সংঘটিত হৈছে।

আনহাতে, ২০১৯ বৰ্ষত দেশত ভাৰতীয় দণ্ডবিধি আইনৰ পঞ্জীয়ন ভূক্ত অপৰাধ ৩.০ শতাংশ বৃদ্ধি পাইছে।

২০১৯ বৰ্ষত দেশত মুঠ ২৮,৯১৮ টা হত্যাৰ অপৰাধৰ গোচৰ পঞ্জীয়ন হৈছে। ইয়াৰ উপৰি ১,০৫,০৩৭ টা অপহৰণ আৰু মহিলাৰ বিৰুদ্ধে মুঠ ৪,০৫,৮৬১ টা অপৰাধৰ গোচৰ ২০১৯ বৰ্ষত পঞ্জীয়ন ভূক্ত হৈছে।