Asia Cup Final: এছিয়া কাপ শ্ৰীলংকাৰ; চাপত হাৰ মানিলে পাকিস্তানে

Sri Lanka beat Pakistan in Asia Cup Final ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এছিয়া কাপৰ ফাইনেলত ডাচুন চানাকাৰ শ্ৰীলংকাই শেষ হাঁহি মাৰিলে। বাবৰ আজমৰ পাকিস্তানক ২৩ ৰাণত পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ দলৰ খিতাপ জয় কৰিলে শ্ৰীলংকাই।

ইয়াৰ লগে লগে দ্বীপৰাষ্ট্ৰৰ দলৰ শিৰত ছয়বাৰকৈ এছিয়াৰ শ্ৰেষ্ঠত্বৰ মুকুট পিন্ধাৰ অভিলেখ গঢ়িলে। ১৯৮৬, ১৯৯৭, ২০০৪, ২০০৮ আৰু ২০১৪ চনৰ পিছত শ্ৰীলংকা এইবাৰ পুনৰ চেম্পিয়ন হ’ল।

সমগ্ৰ প্ৰতিযোগিতাখনত দুৰ্দান্ত ক্ৰিকেট খেলি এছিয়াৰ দুই শক্তিশালী ক্ৰিকেট খেলা দেশেই ফাইনেলত মুখামুখি হৈছিল।

দেওবাৰে ফাইনেলত পাকিস্তানে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। শ্ৰীলংকাই নিৰ্ধাৰিত অভাৰত ৬ টা উইকেট হেৰুৱাই ১৭০ ৰাণ সংগ্ৰহ কৰে।

পাকিস্তানী পেচাৰৰ আধিপত্যৰ বাবে আৰম্ভণিতে শ্ৰীলংকা যথেষ্ট চাপত আছিল। ৯ অভাৰত মাত্ৰ ৫৮ ৰাণত ৫ টাকৈ উইকেট হেৰুৱাইছিল। ভানুকা ৰাজপাক্ষেই ৪৫ টা বলত অপৰাজিত ৭১ ৰাণ সংগ্ৰহ কৰি শ্ৰীলংকাৰ বাবে সন্মানজনক স্ক’ৰ গঢ়ি তুলিছিল। ৰাজপাক্ষে তেওঁৰ ইনিংছটোত ৬ টা চাৰি আৰু ৩ টা ছয় মাৰিছিল।

হাৰিছ ৰউফে পাকিস্তানৰ হৈ তিনিটা উইকেট দখল কৰিছিল। নাছিম শ্বাহ, শ্বাহদাব খান আৰু ইফতিখাৰ আহমেদে এটাকৈ উইকেট দখল কৰে।

শ্ৰীলংকাৰ ৰাণ অতিক্ৰম কৰিবলৈ লৈ পাকিস্তানে ২২ ৰাণত দুটা উইকেট হেৰুৱাইছিল। কেপ্টেইন বাবৰে মহম্মদ ৰিজৱানৰ সৈতে অপেনিং কৰিবলৈ নামি ৬ টা বলত ৫ ৰাণ সংগ্ৰহ কৰিয়েই পেভলিয়নলৈ উভতি যায়। ফখৰ জামান শূন্য ৰাণতে ওভতে।

বিশ্বৰ এক নম্বৰ টি-২০ বেটছমেন ৰিজৱানে নিজৰ উইকেটটো ধৰি ৰাখিছিল। ইফতিখাৰ আহমেদ ৰিজৱানৰ সৈতে যুটী বান্ধে। কিন্তু ৰিজৱানে ৪৯ টা বলত ৫৫ ৰাণ কৰি উভতি যোৱাৰ পিছত শ্ৰীলংকাৰ বলাৰসকলে পাকিস্তানক কোনোমতে মেচলৈ উভতি আহিবলৈ নিদিলে।

শ্ৰীলংকাৰ হৈ প্ৰমোদ মধুচানে অকলে চাৰিটা উইকেট দখল কৰে। ওৱানিন্দু হাচাৰঙ্গাই তিনিটা উইকেট লয়। মহেশ থিকছানাই এটা উইকেট আৰু চামিকা কৰুণাৰত্নে দুটা উইকেট হস্তগত কৰে।

বৰ্তমান শ্ৰীলংকা দেশখন স্বাধীনতাৰ পিছত আটাইতকৈ অশান্ত সময়ৰ মাজেৰে পাৰ হৈছে। ভাৰতৰ চুবুৰীয়া দেশখন প্ৰায় দেউলীয়া হৈ পৰিছে। এনে পৰিস্থিতিত  ক’ব পাৰি যে শ্ৰীলংকাৰ এই বিজয়ে দেশবাসীক এক নতুন যুঁজত জীয়াই থকাৰ সাহস নিশ্চয় প্ৰদান কৰিব।